Money : আপুনি যদি ধনী হ’ব বিচাৰিছে, তেন্তে আপুনি এই কেইটা অভ্যাস ত্যাগ কৰক —

WhatsApp Image 2022 11 11 at 15.17.35

Money :

সকলো মানুহেই ধনী হ’বলৈ ইচ্ছা কৰে । আজিৰ সমাজত ধনী মানুহৰ আদৰ , সন্মান বেছি । সেইবাবেই মানুহে ধনী হোৱাৰ আশাত দিন-ৰাতি অশেষ কষ্ট কৰা দেখা যায় । যিহেতু টকাই মানুহৰ সকলো আশা পূৰণ কৰে । যান্ত্ৰিক পৃথিৱীত চলিবলৈ ধন ঘটাৰ বাহিৰে অন্য উপায় নাই । কেতিয়াবা মানুহে বহু চেষ্টা কৰিও ধনী হ’ব নোৱাৰে । সেইবাবেই আজি আমি ধনী হোৱাৰ কেইটামান অভ্যাসৰ বিষয়ে আলোচনা কৰিম ।

১/ আপুনি যদি আপোনাৰ বাথৰূমটো নিয়মিত পৰিষ্কাৰ নকৰে , তেন্তে আপুনি কেতিয়াও ধনৱন্ত হ’ব নোৱাৰে । সেইয়েহে আপুনি সদায় নিজৰ বাথৰূমটো পৰিষ্কাৰ আৰু শুকান কৰি ৰখাৰ চেষ্টা কৰক ।

২/ কেতিয়াও খাদ্য নষ্ট নকৰিব । বহু মানুহে নিজৰ খাদ্যৰ আধাখিনি নষ্ট কৰা দেখা যায় । যিটো খুবেই বেয়া অভ্যাস । যদি ধনী হ’ব খুজিছে , তেন্তে তৎকালেই এই অভ্যাস ত্যাগ কৰক ।

৩/ ঘৰৰ সকলো সামগ্ৰী পৰিষ্কাৰ-পৰিচন্ন কৰি ৰাখক । বিশেষকৈ আপোনাৰ শোৱা কোঠাৰ বিচনা পৰিষ্কাৰ কৰি ৰাখিবলৈ নাপাহৰিব । পৰিষ্কাৰ বিচনাই আপোনাৰ ভাগ্য সলনি কৰিব । একেদৰে আপোনাৰ জোতা-চেন্দেল ঘৰৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰক । ৰাতিপুৱাৰ সমান্তৰালকৈ নিশাও আপোনাৰ বিচনা পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা কৰক ।

৪/ য’তে-ত’তে থু-খেকাৰ পেলোৱা উচিত নহয় । প্ৰচলিত কথা অনুসৰি, এই অভ্যাসে আপোনাৰ ধন অহাৰ সকলো সুযোগ বন্ধ কৰি দিব ।

৫/ শোৱনিকোঠাৰ ভেণ্টিলেটৰখন দিনটোত এবাৰ হ’লেও অৰ্থাৎ ২০ মিনিটৰ বাবে খুলি ৰখাৰ অভ্যাস কৰক আৰু সদায় মন কৰিব যে ঘৰৰ ঘড়ী কেইটা চলি আছেনে নাই । কাৰণ বন্ধ ঘড়ী কেতিয়াও ঘৰত ৰাখিব নেপায় ।

৬/ ঘৰত এটা একুৰিয়াম ৰাখক আৰু তাত কিছু মাছ ৰখাৰ ব্যৱস্থা কৰক । তেতিয়া আপোনাৰ ভাগ্য আপোনা-আপুনি মুকলি হ’ব । কিন্তু আপুনি একুৰিয়ামৰ পানী সদায় চাফা কৰি ৰাখিব লাগিব ।

বি : দ্ৰ : ওপৰোক্ত পৰামৰ্শসমূহ প্ৰচলিত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত । বিশেষকৈ বাস্তু শাস্ত্ৰৰ দ্বাৰা পৰিচালিত হোৱা লোকে এই নিয়মসমূহ মানি চলা দেখা যায় । বিশ্বাসৰ ওপৰতে সকলো বিষয় নিৰ্ভৰ কৰে । গতিকে এনে ধাৰণাৰ কোনো বৈজ্ঞানিক যুক্তি বিচাৰি পোৱা নাযায় ।

Exit mobile version