Assam Chatra Parishad :কটন বিশ্ববিদ্যালয়ত অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়

WhatsApp Image 2022 11 12 at 20.03.02

Assam Chatra Parishad :

 অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অসম ছাত্ৰ পৰিষদৰ এক সম্বৰ্ধনা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচিত আঠ গৰাকী আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী বিজয়ী প্ৰাৰ্থীক লৈ অভিনন্দন অনুষ্ঠান অনু্ষ্ঠিত হয়।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদিকা কস্তুৰী চুতীয়াই কয় যে, ২০১৯ চনত জন্ম লাভ কৰা অসম ছাত্ৰ পৰিষদে অসমত জাতীয়তাবাদৰ অভ্যুত্থানত যথেষ্ঠ গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ প্ৰাসঙ্গীকতা বৃদ্ধিৰ ক্ষেত্ৰত অগপৰ ছাত্ৰ সংগঠনটিয়ে শিশু অৱস্থাতেই সফলতাৰ দিশে খোজ লৈছে।

চুতীয়াই লগতে কয় যে, অসম ছাত্ৰ পৰিষদে পিতৃ সংগঠন অসম গণ পৰিষদৰ লগতে অগপ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত অসমৰ সৰ্বাঙ্গীন উন্নয়ণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ। সভাত অসম ছাত্ৰ পৰিষদৰ উপ-সভাপতি শুভম দাস, সম্পাদক হৃষিকেষ মেধী, অসম ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ পৰিষদৰ সভাপতি অনুপম মালী, সম্পাদিকা কঙ্কনা দাস প্ৰমুখ্যে ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আৰু সদস্যৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ গোটৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে ।

উল্লেখ্য, জন্ম লাভৰ মাত্ৰ তিনিটা বছৰৰ ভিতৰতে অসম ছাত্ৰ পৰিষদে অসমৰ শতাধিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ধ্বজা উৰাবলৈ সক্ষম হৈছে।

আজি সম্বৰ্ধনা অনুষ্ঠানৰ ছাত্ৰ একতা সভাৰ নব-নিৰ্বাচিত সম্বৰ্ধিত প্ৰাৰ্থীসকল হ’ল–কটন মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদিকা ৰিমলিম ভূঞা, তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক বিনয় কলিতা, সমাজসেৱা সম্পাদক বিতুপন দলে, টেনিচ, সাঁতোৰ আৰু শৰীৰ চৰ্চা সম্পাদক দেৱজ্ঞান বৰুৱা, ক্ৰিকেট সম্পাদক দীপজ্যোতি বৈশ্য, ফুটবল সম্পাদক পোহৰ দেৱবাৰ্মা, কোৰ্ট সদস্য নিখিল ৰঞ্জন চেতিয়া আৰু হিয়াশ্ৰী দাস তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী সাধাৰণ সম্পাদিকা মধুস্মিতা দেউৰী।

Exit mobile version