Business :  ঘৰতে বহি মাত্ৰ পাঁচ হেজাৰ টকাৰে আৰম্ভ কৰক এই লাভজনক ব্যৱসায় : মাহত আয় হ’ব লাখ টকা —-

4593ccd2 d356 4b02 89eb ecf17efa27fc

Business :

বৰ্তমান সময়ত বহু নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হতাশ হোৱা দেখা গৈছে । এইসকলে চাকৰিৰ আশা বাদ দি ঘৰতে আৰম্ভ কৰিব পাৰে এই লাভজনক ব্যৱসায় । বিশেষকৈ হাতত থকা কম পুঁজিৰে এই ব্যৱসায় আৰম্ভ কৰিব পাৰি । এই ব্যৱসায় আৰম্ভ কৰিবলৈ হাতত মাত্ৰ লাগিব পাঁচৰ পৰা ১০ হেজাৰ টকা । যদি কোনোবাই কম বিনিয়োগত বেছি লাভৰ ব্যৱসায় কৰিবলৈ মন কৰিছে , তেন্তে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে ।

এই ব্যৱসায়টো হৈছে পেলনীয়া সামগ্ৰীক পুনৰ ব্যৱহাৰ উপযোগী কৰি তোলা । উল্লেখ্য যে, এই ব্যৱসায়ৰ যোগেদি প্ৰচুৰ আয় কৰিব পাৰে । যদি কোনো লোকে এই ব্যৱসায়ৰ বাবে মন মেলিছে ,তেন্তে নিজৰ অঞ্চলৰ আশে-পাশে থকা বৰ্জনীয় আৱৰ্জনাবোৰ সংগ্ৰহ কৰক ।

কিন্তু এই আৱৰ্জনাবোৰ সংগ্ৰহ কৰাৰ পূৰ্বে মিউনিচিপালটি কৰ্পৰেশ্যন বা পৌৰসভাৰ লগত যোগাযোগ কৰিব লাগিব । ইয়াৰপিছত সেই আৱৰ্জনা অনুযায়ী সিদ্ধান্ত ল’ব লাগিব যে , এই পেলনীয়া সামগ্ৰীৰ পৰা কি কি বস্তু নিৰ্মাণ কৰিব পৰা যাব । ইয়াৰপৰাই আপুনি অনুমান কৰিব পাৰিব যে , এই আৱৰ্জনা ব্যৱসায়ত কিমান লাভ হ’ব পাৰে !

যদি কোনো ব্যক্তিয়ে ষ্টিল বা টিনৰ ব্যৱসায় কৰিব বিচাৰিছে ,তেন্তে এই ব্যৱসায়ত কিন্তু আপোনাৰ প্ৰচুৰ লাভ হ’ব । আপুনি জানেনে বিশ্বত প্ৰতিবছৰে দুই বিলিয়ন টনৰ বেছি আৱৰ্জনা উৎপাদিত হয় । একেদৰে ভাৰতত প্ৰতি বছৰে ২৭৭ মিলিয়ন টনৰো অধিক স্ক্ৰাপ উৎপাদন কৰা হয় আৰু এই আৱৰ্জনাবোৰৰ পৰা গহনা , পেইণ্টিঙৰ বহু সামগ্ৰী নিৰ্মাণ কৰা হয় । গতিকে এই আৱৰ্জনা বিক্ৰি কৰি আপুনি বহু আয় উপাৰ্জন কৰিব পাৰিব । যিহেতু ইয়াৰ চাহিদাও দৈনিক বৃদ্ধি পাই আহিছে।

এই ব্যৱসায়ৰ মূল উপাদান হৈছে আৱৰ্জনা । খুবেই সহজলভ্য আৰু সস্তা । সংগ্ৰহ কৰা আৱৰ্জনাবোৰ প্ৰথমতে পৰিষ্কাৰ কৰি ল’ব লাগে । আমি জানো যে , বেয়া বা পুৰণা টায়াৰৰ পৰা চকী , বস্তাৰ বেগ তথা সাজ-সজ্জাৰ বহু সামগ্ৰী তৈয়াৰ কৰা হয় । প্ৰস্তুতকাৰকে এই সামগ্ৰীসমূহ অনলাইনতে নহয় অফলাইনতো বিক্ৰী কৰিব পাৰিব । গতিকে নিবনুৱা যুৱক-যুৱতী সকলে চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ পেলনীয়া আৱৰ্জনাৰ ব্যৱসায় কৰি এনেদৰেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰে ।

Exit mobile version