Resipi :কেনেকৈ ৰান্ধিব বেঙেনাৰ মালাইকাৰী ? জানিবলৈ পঢ়ক –

WhatsApp Image 2022 11 12 at 16.55.57

Resipi :
মালাইকাৰীৰ নাম শুনিলেই আমাৰ জিভাৰ পানী পৰি যাব খোজে । শিঙৰা মাছৰ মালাইকাৰী , ইলিছ মাছৰ মালাইকাৰী বা কণীৰ মালাইকাৰী সকলোৱেই খাইছে ।

কিন্তু কেতিয়াবা বেঙেনাৰ মালাইকাৰী খাইছেনে ? গতিকে আজি আমি আপোনালোকক বেঙেনাৰ মালাইকাৰী কেনেকৈ ৰান্ধে , সেইবিষয়ে অৱগত কৰিম ।

খিচিৰি , পোলাও আদিৰ লগত খাবলৈ অতিকে ভাল আৰু সুস্বাদু এই মালাইকাৰী ৰান্ধিবলৈও সহজ ।

উপকৰণ : দুটা বা তিনিটা মধ্যমীয়া আকাৰৰ বেঙেনা মাজেদি ফালি লওঁক । ইয়াৰ পিছত হালধী আধা চামুচ , তেল এচামুচ , জালুকৰ গুড়ি আধা চামুচ , ধনীয়া গুড়ি আধা চামুচ , নহৰু বটা এচামুচ , কটা পিয়াজ আধা কাপ , দৈ আধা কাপ , পিহি লোৱা আফু দুচামুচ , নাৰিকলৰ গাখীৰ একাপ , কেঁচা জলকীয়া ছটা , তেল আধা কাপ , কুটি লোৱা ধনীয়া পাত আধা কাপ , তেতেলীৰ ৰস ১/৪ কাপ ।

প্ৰণালী : কাটি লোৱা বেঙেনা কেইটাত হালধী , নিমখ আৰু তেল দি সানি উঠাই লওঁক । পুনৰ সেই তেলত কেঁচা জলকীয়া , ধনীয়া পাত আৰু সাজু কৰি ৰখা সকলো উপকৰণ দি সানি লওঁক । এতিয়া গৰম কেৰাহীত পিয়াজ , নহৰু বটা , মচলা দি ভাজি লৈ বেঙেনাখিনি ঢালি ঢাকোন মাৰি দিয়ক ।

৫-৭ মিনিটৰ পিছত পুনৰ কেঁচা জলকীয়া দি নমাই দিয়ক আৰু পৰিবেশনৰ সময়ত তেঁতেলীৰ ৰস আৰু কুটি থোৱা ধনীয়া পাত দি পৰিবেশন কৰক ।

Exit mobile version