AAP : নিৰ্বাচনৰ টিকিট নাপাই বিদ্যুতৰ খুটিত উঠি আত্মহত্যাৰ সকীয়নি আপ নেতাৰ

AAP Delhi

AAP :

দিল্লীৰ আসন্ন পৌৰ নিৰ্বাচনৰ টিকিট নিদিলে আম আদমি পার্টিয়ে (আপ) । সেয়ে দেওবাৰে হাই টেনছন বিদ্যুতৰ খুটিত উঠিল প্রাক্তন পাৰিষদ । সকীয়নি, প্রার্থী হ’ব নোৱাৰিলে জাপ দি আত্মহত্যা কৰিব ।

দিল্লীৰ শাস্ত্রী পার্ক মেট্র’ ষ্টেছনৰ কাষত হাই টেনছন বিদ্যুতৰ খুটিত উঠে আপ নেতা হাচিব-উল-হাছান । তেওঁৰ অভিযোগ, আপৰ ‘ভুল’ নীতিৰ বলি হৈছে তেওঁ । যেতিয়ালৈকে প্রার্থী হোৱাৰ আশ্বাস নাপায়, তেতিয়ালৈকে নানামে । আত্মহত্যা কৰাৰ সকীয়নিও দিছে তেওঁ । তলত থিয় হৈ বহু লোকে তেওঁক নামি অহাৰ অনুৰোধ কৰে । কিন্তু প্রাক্তন পাৰিষদে কাণসাৰ নিদিয়ে ।

চাৰি ডিচেম্বৰত দিল্লীত পৌৰ নিৰ্বাচন । প্রথম পৰ্যায়ৰ প্রার্থী তালিকা প্রকাশ কৰিছে আপ-এ । সেই তালিকাত ১৩৪ জন প্রার্থীৰ নাম আছে । ইয়াৰে ৭০ গৰাকীয়ে মহিলা । প্রাক্তন বিধায়ক বিজেন্দ্র গর্গক এই বাৰৰ পৌৰ নিৰ্বাচনত নাৰাইনা কেন্দ্রত প্রার্থীত্ব দিছে অৰবিন্দ কেজৰিৱালৰ দলে ।

দিল্লীৰ অন্যতম প্রবীণ পাৰিষদ মুকেশ গোৱেলে কংগ্রেছ ত্যাগ কৰি সম্প্রতি আপ-ত যোগ দিছে । তেওঁক আদর্শ নগথ ৱার্ডত প্রার্থীত্ব দিছে আপ-এ । কংগ্রেছ ত্যাগ কৰি আপ-ত যোগ দিছে গুড্ডি দেৱীয়েও । তেওঁক টিমৰপুৰৰ মালকানগঞ্জত প্রার্থীত্ব দিছে আপ-এ । এই সন্দৰ্ভত দলত অসন্তোষ্টি পৰিলক্ষিত হৈছে ।

আপ-ৰ একাংশৰ অভিযোগ, অন্য দলৰ পৰা আহিলেই প্রার্থীত্ব দিছে শীর্ষ নেতৃত্ব‌ই । শনিবাৰে পৌৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্রার্থীতালিকা প্রকাশ কৰিছে আপ-এ । তালিকাত নাম আছে ১১৭ জনৰ । তাতো নাম নথকাত দেওবাৰে আত্মহত্যাৰ চেষ্টা কৰে হাচিব-উল-হাছানে ।

Exit mobile version