Dengue Cases : দিনক দিনেই ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা

এদিনতে আক্ৰান্তৰ সংখ্যা ৭০ লৈ বৃদ্ধি

821a6f08 f451 4860 9890 1b4a1071ece9

Dengue Cases :

ৰাজ্যত দ্ৰতগতিত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ শনিবাৰৰ দিনটোতে প্ৰায় ৭০ জন লোকৰ দেহত ধৰা পৰিছে ডেংগুৰোগ ৷ কালিলৈ ৰাজ্যত মুঠ ডেংগু ৰোগীৰ সংখ্যা ৭৬৯ জন ৷

ৰাজ্যৰ ভিতৰত ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা পাৰ্বত্য জিলা কাৰ্বি আংলংত ৷ জিলা খনত বৰ্তমানলৈকে পঞ্জীভূক্ত ৰোগীৰ সংখ্যা ৫৫ জন। ইয়াৰ পিছতে দ্বিতীয় স্থানত থকা কামৰূপ মহানগৰৰ ৰোগীৰ সংখ্যা আঠজন ৷

আনহাতে যোৰহাট আৰু বঙাইগাঁওত দুজনকৈ ৰোগী ডেংগুত আক্ৰান্ত হোৱাৰ বিপৰীতে পাহাৰীয়া জিলা ডিমা হাচাও,তিনিচুকীয়া আৰু কাছাৰত এজনকৈ লোক আক্ৰান্ত হৈ ডেংগু ৰোগত ৷

উল্লেখ্য যে গুৱাহাটী মহানগৰ সহ ছয় খনকৈ জিলাত ডেংগুৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে ৷ যোৱা এপষেক দিন ধৰি গুৱাহাটী মহানগৰত সন্ধিয়া হোৱাৰ লগে লগে পৌৰ নিগমৰ গাড়ীৰে ধোৱা দিয়া পৰিলক্ষিত হয় ৷

একেদৰে ৰাজ্যৰ বিভিন্ন স্থানটো ডিডিটি আৰু ধোৱা দিয়াৰ উপৰিও নলা-নৰ্দমা সমূহ চাফা কৰাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনে৷

Exit mobile version