Pigeon : ঘৰলৈ দৈনিক পাৰ আহিলে কিহৰ ইংগিত দিয়ে ?

istockphoto 484989306 612x612 1

Pigeon :

আপুনি যদি দৈনিক পশু-পক্ষীক খোৱাব পাৰে, তেন্তে আপোনাৰ ভাগ্য উদয় হ’ব । এইকথা আমি কোৱা নাই, এই কথা কৈছে বাস্তু বিশেষজ্ঞই

আপুনি যদি প্ৰতিদিনে কোনো প্ৰাণীক আহাৰ যোগান ধৰিছে, তেন্তে আপুনি আটাইতকৈ পূণ্যৰ কাম কৰিছে । এই অভ্যাসে আপোনাৰ জীৱন সলনি কৰিব পাৰে । কিন্তু পক্ষীৰ ভিতৰত পাৰ চৰাই ঘৰত বাস কৰাতো একেবাৰে ভাল নহয় বুলিও উল্লেখ কৰিছে বাস্তু বিশেষজ্ঞই যদিও ঘৰলৈ অহা পাৰক যদি খাদ্য খোৱাব পাৰে ই কিন্তু আপোনাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে । জীৱনত অহা সকলো বাধা এই অভ্যাসে মষিমূৰ কৰিব ।

ইফালে ঘৰত কেতিয়াও পাৰ ৰখাৰ চেষ্টা কৰিব নেলাগে বুলি পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞই । অৱশ্যে ঘৰৰ পৰা দূৰৈত পাৰৰ বাবে ঘৰ সাজি দিব পাৰে । কিন্তু যদি আপুনি দৈনিক পাৰক খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে , ই আপোনাৰ জীৱনলৈ এনে পৰিৱৰ্তন আনিব , য’ত আপুনি মনত অনাবিল শান্তি লাভ কৰিব আৰু শৰীৰ সুস্থ থকাত সহায় কৰিব ।

আপোনাৰ ঘৰলৈ ইতিবাচক খবৰ আহিব । কিন্তু মনত ৰাখিব কেতিয়াও পাৰ ঘৰত বাস কৰিবলৈ সুবিধা নিদিব । ই আপোনাক বেয়া দিনলৈ আগবঢ়াই নিব । পাৰৰ গৃহ প্ৰৱেশে আপোনাৰ ঘৰলৈ নেতিবাচক খবৰ কঢ়িয়াই আনিব লগতে পাৰৰ বিষ্ঠাৰ পৰা সদায় দূৰৈত থাকিব । খাবলৈ কোনো পাত্ৰ ব্যৱহাৰ নকৰিব । কাগজ আদি পাৰি খাবলৈ দিব ।

একেদৰে আপুনি যদি সদায় কুকুৰ, গৰু আদিকো খোৱাব পাৰে, তেন্তে ইয়ো আপোনাৰ জীৱনলৈ শুভ সংবাদ কঢ়িয়াই আনিব । অৰ্থাৎ যিমান পাৰে জীৱ-জন্তুক খোৱাৰ চেষ্টা কৰক, আপোনাৰ জীৱনত উন্নতি হ’বই ।

বি : দ্ৰ : এই প্ৰতিবেদটি বাস্তুশাস্ত্ৰৰ মতামতৰ ওপৰত প্ৰস্তুত কৰা হৈছে । ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি পোৱা নাযায় লগতে ব্যক্তিবিশেষে ইয়াৰ ফল ভিন্ন হ’ব পাৰে ।

Exit mobile version