PM Narendra Modi : বিশ্বৰ নিৰিখত উন্নয়নত প্ৰশ্ন প্ৰধানমন্ত্ৰী মোদীৰ, কটাক্ষ কে চি আৰ-ক

WhatsApp Image 2022 11 13 at 15.50.12

PM Narendra Modi :

তেলেংগানাৰ মুখ্যমন্ত্রী তথা টিআৰএছ নেতা কে চন্দ্রশেখৰ ৰাৱৰ (কেচিআৰ) নাম উল্লেখ নকৰাকৈ দুর্নীতি আৰু পৰিয়ালবাদক লৈ কটাক্ষ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । আনহাতে অন্ধ্রপ্রদেশত বিশ্বৰ নিৰিখত দেশৰ উন্নয়নৰ বিষয় দাঙি ধৰিলে ।

আজি প্রধানমন্ত্রীয়ে ভাৰতৰ সম্পর্কে বিশ্বৰ প্রত্যাশা দাঙি ধৰিছে । তেওঁ জনায়, “আমি উন্নয়নৰ এক নতুন অধ্যায় লিখিছো ।” লগতে জনায়, বহু দেশে আর্থিক সংকটত ভুগি থকাৰ সময়তে সমগ্ৰ বিশ্ব‌ৰে লক্ষ্য ভাৰত ।

আজি অন্ধ্র ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ গ্রাউণ্ডত আন্তঃগাথঁনি সংক্রান্ত বিভিন্ন প্রকল্প ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । সেই অনুষ্ঠানত উপস্থিত আছিল অন্ধ্রপ্রদেশৰ ৰাজ্যপাল বি হৰিচন্দন, মুখ্যমন্ত্রী ৱাই এছ জগন্মোহন ৰেড্ডি, কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ ।

সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, প্রতিটো প্রকল্পৰ লক্ষ্য মানুহৰ জীৱন অধিক সমৃদ্ধিশালী কৰি তোলা । চৰকাৰ সমন্বয়কৰণৰ ওপৰত জোৰ দিছে বুলিও জনায় । এই ক্ষেত্রত ‘পিএম গতিশক্তি মাষ্টাৰ প্লেন’-ৰ উল্লেখ কৰে ।

প্রধানমন্ত্রীৰ বক্তব্য, ইয়াৰ ফলত এফালে যেনেদৰে উন্নয়নৰ গতি বাঢ়িছে আনহাতে ব্যয়ো কমিছে । চৰকাৰী নীতিৰ ফলত ড্র’নৰ পৰা গেমিং, মহাকাশ সংক্রান্ত বিষয়ৰ পৰা ষ্টার্ট আপ প্রতিটো ক্ষেত্রতে উন্নতি হৈছে ।

ইয়াৰ লগতে জনকল্যাণমূলক প্রকল্পও দাঙি ধৰিছে । এফালে বিনামূল্যে ৰেছন, আনফালে কৃষকৰ একাউন্টত ছয় হেজাৰ টকাকৈ দিয়াৰ বিষয়টোও তেওঁ দাঙি ধৰিছে ।

অন্ধ্রপ্রদেশৰ উন্নয়নৰ ক্ষেত্রত এন বেংকইয়া নায়ডু আৰু মেঘালয়ৰ ৰাজ্যপাল কে হৰিবাবুৰ ভূমিকাও দাঙি ধৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

আনহাতে তেলেংগানা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, ৰাজ্যখনক এনে চৰকাৰৰ প্রয়োজন, যাৰ লক্ষ্য পৰিয়াল নহয়, মানুহ প্রথম । অনেকেই তেওঁক প্ৰশ্ন কৰে, কঠোৰ পৰিশ্ৰমৰ পাছতো তেওঁ কেনেদৰে ক্লান্ত নোহোৱাকৈ কাম কৰি আছে ? প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ, “ম‌ই ক্লান্ত নহ‌ওঁ, কাৰণ প্রতিদিনে দুই-তিন কেজি গালি খাওঁ… ভগৱানৰ আশীর্বাদত সেই গালিয়ে মোৰ পুষ্টি হিচাপে কাম কৰে, যাতে ইয়াক ইতিবাচক হিচাপে ল’ব পাৰো ।”

ইয়াৰ পাছতেই তেওঁ কয়, “মোদীক নিৰ্যাতন কৰক, বিজেপিকো… কিন্তু যদি তেলংগানাৰ মানুহক নিৰ্যাতন কৰে, তেনেহ’লে ইয়াৰ বৃহৎ মূল্য পৰিশোধ কৰিব লাগিব ।”

প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, কোনোৱে ভয়ত নতুবা কোনোৱে কুসংস্কাৰগ্রস্ত হৈ তেওঁক নিৰ্যাতন কৰাৰ চেষ্টা কৰে । দলীয় কর্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ আবেদন, এই জালত পৰি কোনো যেন পথভ্রষ্ট হৈ নপৰে । বিগত ২০-২২ বছৰত নানা প্রকাৰৰ নিৰ্যাতন সহ্য কৰিছো বুলিও জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “মোক গালি পাৰি পাৰি অনেকৰ অভিধানো শেষ হৈ গৈছে ।”

ইপিনে, প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্রত গৈ উন্নয়ন সম্পৰ্কে নানা বক্তব্য দাঙি ধৰিছে, অন্যফালে কেন্দ্রৰ উন্নয়নমূলক প্রকল্প তেলংগানা চৰকাৰে ইচ্ছাকৃতভাৱে গোপন কৰিছে বুলিও অভিযোগ তুলিছে । কেচিআৰৰ কুসংস্কাৰ সন্দৰ্ভতো সৰৱ হৈছে প্রধানমন্ত্রী ।

তেওঁৰ অভিযোগ, কাৰ্যালয়ৰ অৱস্থান ক’ত থাকিব, কোন মন্ত্রী হ’ব, কাক পদচ্যুত কৰা হ’ব — সকলো কুসংস্কাৰগ্রস্ত হৈ সিদ্ধান্ত লয় তেলেংগানা চৰকাৰে । সামাজিক ন্যায়ৰ পথত ই এক বিৰাট বাধা বুলিও তেওঁ মন্তব্য কৰে ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায়, তথ্য প্রযুক্তিৰ কেন্দ্রত অৱস্থিত এই ৰাজ্য । কিন্তু এই আধুনিক স্থানত কু সংস্কাৰক সহায় কৰা হৈছে । ৰাজ্যৰ উন্নয়নৰ বাবে কুসংস্কাৰ নির্মূল কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পাছতেই তেলংগানা চৰকাৰৰ দুর্নীতি দাঙি ধৰি অভিযোগ জনায় প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ডিজিটেল লেনদেনৰ জৰিয়তে দুর্নীতি যথেষ্ট ৰোধ হৈছে আৰু এয়া সম্ভৱ হৈছে কেন্দ্রৰ চেষ্টাত।

Exit mobile version