Village : ২০ কোটি টকাত বিক্ৰী হ’ব এই গাঁও ! জানিবলৈ পঢ়ক –

WhatsApp Image 2022 11 13 at 20.31.42

Village :

সদ্য ২৬ কোটি টকাত এখন গাঁও বিক্ৰী হ’ব । যিয়ে এই পৰিমাণৰ অৰ্থ খৰচ কৰিব পাৰিব, তেওঁ এই গাঁওখনৰ মালিক হ’ব । গাঁওখনৰ গৰাকীয়ে এই কথা ঘোষণা কৰি কৈছে যে, যিহেতু তেওঁ চহৰৰ শশুৰেকৰ ঘৰতে থাকিবলগীয়া হৈছে , গতিকে গাঁওখন চোৱা-চিতা কৰাত তেওঁৰ যথেষ্ট অসুবিধা হৈছে । যাৰ কিনাৰ ক্ষমতা আছে, তেওঁ গাঁওখন নিৰ্ধাৰিত মূল্য পৰিশোধ কৰি ক্ৰয় কৰিব পাৰিব ।

ইফালে খবৰ অনুসৰি বাসিন্দাৰ অভাৱৰ বাবেই তেঁও গাঁওখন বিক্ৰী কৰিব বিচাৰিছে । যিহেতু অকলে তেঁও গোটেই গাঁওখন পৰিচালনা কৰিব পৰা নাই ।

ইউৰোপৰ স্পেইনৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত এই গাঁও । নাম চালতো দা কাস্ত্ৰো । মাদ্ৰিদৰ পৰা তিনি ঘণ্টাৰ দূৰত্বত পতুৰ্গাল সীমান্তত জামোড়া প্ৰদেশৰ পথেৰে অতিক্ৰম কৰিলেই দেখা পোৱা যায় এই গাঁওখন । মূলতে গাঁও বুলি কোৱাতকৈ কাস্ত্ৰোক এখন সৰু চহৰ বুলিও ক’ব পৰা যায় ।

সমগ্ৰ অঞ্চলটোত ৪৪টা ঘৰ, এখন হোটেল, এটা গীৰ্জা, এখন স্কুল, এটা চুইমিং পুল আৰু মানুহৰ বাবে বহু অঞ্চল খালী ঠাইও আছে । এইক্ষেত্ৰত এটা ব্ৰিটিছ সংবাদ মাধ্যমে কৈছে যে, এই গাঁওখনৰ সকলো বাসিন্দাই চহৰমুখী হোৱা প্ৰৱণতা থকাৰ কাৰণে সম্প্ৰতি সমগ্ৰ অঞ্চলটো খালী হৈ পৰা পৰিলক্ষিত হৈছে ।

বৰ্তমান এই গাঁওখন পৰিত্যক্ত হৈ পৰা দেখা গৈছে । যিটো কাৰণত শীঘ্ৰেই গাঁওখন বিক্ৰী কৰাৰ কথা ভাবিছে গাঁওখন চোৱা-চিতা কৰি থকা মালিকস্বৰূপ ব্যক্তিজনে ।

Exit mobile version