Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : দেশ ধ্বংস কৰিলে কোনে ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
November 14, 2022
in Opinion
Reading Time: 1 min read
0
Opinion : দেশ ধ্বংস কৰিলে কোনে ?
2
SHARES
22
VIEWS
ShareShareShareShare

Opinion :

দুৰ্নীতিগ্ৰস্তসকলেই দেশ ধ্বংস কৰিছে আৰু ধনৰ বলতে তেওঁলোক সাৰি গৈছে । এয়া কোনো ‘কলমধাৰী’ নক্সালে কোৱা কথা নহয়; স্বয়ং দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগেৰে প্ৰকাশ কৰিছে এই মন্তব্য । যোৱা বুধবাৰে চৰকাৰে ‘আৰবান নক্সাল’ (চহৰীয়া নক্সাল) আখ্যা দি দীৰ্ঘকাল কাৰাৰুদ্ধ কৰি ৰখা সক্ৰিয় মানৱাধিকাৰ কৰ্মী গৌতম নউলখাৰ এক আবেদনৰ শুনানিকালত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই মন্তব্য কৰে ।

ADVERTISEMENT

বিভিন্ন চাপত পিষ্ট ন্যায়ালয়ৰ ভূমিকাও সম্প্ৰতি যথেষ্ট লক্ষ্যণীয় হৈ পৰিছে । বিগত সময়ছোৱালৈ লক্ষ্য কৰিলে ধাৰণা কৰিব পাৰি যে বিভিন্ন গোচৰত চৰকাৰৰ ক্ষতি হ’ব পৰা ৰায়দানৰ পৰা বিৰত থাকিলেও শুনানিকালত নিজৰ পৰ্যবেক্ষণত সুযোগ বুজি ন্যায়াধীশসকলে ৰাজহুৱা আৱেগ দাঙি নধৰাকৈ থকা নাই । আজিও দেশৰ গৰিষ্ঠ সংখ্যক নাগৰিকৰ শেষ আশ্ৰয় অথবা ভৰসাৰ থল ন্যায়ালয় নিজেই কিদৰে শাসকপক্ষৰ আশ্ৰয় প্ৰাৰ্থী হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সম্পৰ্কত যথেষ্ট চৰ্চা চলি আহিছে । বিভিন্ন উপায়েৰে ন্যায়ালয়ৰ ওপৰত প্ৰভাৱ বিস্তাৰ প্ৰক্ৰিয়া অব্যাহত থকাটো দেশবাসীৰ সমুখত আৰু লুকাই থকা নাই । এনে কাৰণতে বহু সংখ্যক বিচাৰকৰ অৱস্থা একাংশ সৎ সাংবাদিকৰ দৰেই হৈ পৰিছে । অৱশ্যে এনে পৰিস্থিতিতো সেইসকলে চেগ বুজি মনৰ ভাৱ প্ৰকাশ নকৰাকৈ থকা নাই ।

RelatedPosts

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

শিৰোনামত আকৌ ‘কা’

দুৰ্ভিক্ষৰ গ্ৰাসত ৰাৱণৰ স্বৰ্ণলংকা

সি যি কি নহওক, দেশ ধ্বংসৰ প্ৰসংগটো উত্থাপন হ’ল নউলখাই ন্যায়িক জিম্মাত কাৰাগাৰ পৰিৱৰ্তে গৃহবন্দী কৰি ৰখাৰ বাবে জনোৱা আবেদনৰ শুনানিক কেন্দ্ৰ কৰি । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ)ই তদন্ত অব্যাহত ৰখা বহু চৰ্চিত এলগাৰ পৰিষদ-ভীমা কোৰছগাঁও গোচৰত ২০১৮তে নউলখাক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা তেওঁ মুম্বাইৰ তালোজা কাৰাগালত বন্দী হৈ আছে । ২০২১ৰ অক্টোবৰত তেওঁক অতি উচ্চ পৰ্যায়ৰ সুৰক্ষাযুক্ত বেৰেকলৈ স্থানান্তৰ কৰা হয় আৰু সম্পূৰ্ণ অকলশৰীয়াকৈ চেলত আৱদ্ধ কৰি ৰখা হয় । ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, নিষিদ্ধ ঘোষিত চিপিআই (মাওবাদী)ৰ সদস্যৰূপে সক্ৰিয়তা আৰু অস্ত্ৰ তথা বিস্ফোৰক ব্যৱহাৰৰ জৰিয়তে মানুহৰ মাজত সন্ত্ৰাস সৃষ্টিৰ অপৰাধী ষড়যন্ত্ৰৰ লগতে উচতনিমূলক কাৰ্যত লিপ্ত থকাৰ অভিযোগত নউলখাৰ লগতে আন ১৫ জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছে ।

এই বন্দীসকলৰ অধিকাংশই অধ্যাপক, অধিবক্তা, সাংবাদিক, মানৱাধিকাৰ কৰ্মী, গৱেষক আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী । তেওঁলোকৰ দুজনমানক বাদ দি আনসকলক ২০১৮ তে গ্ৰেপ্তাৰ কৰা হয় । এনআইএই তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ) আৰু ভাৰতীয় দণ্ড বিধিৰ বিভিন্ন ধাৰা জাপি দিছে । এই ১৬জনৰ অন্যতম ৮৩ বছৰীয়া ৰোমান কেথলিক (জেছুইট) যাজক ষ্টেন স্বামী ন্যায়িক জিম্মাত থকা অৱস্থাতে ২০২১ৰ জুলাইত মৃত্যু মুখত পৰে স্বাস্থ্যজনিত কাৰণত বম্বে’ উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰে যদিও সেয়া গৃহীত হোৱাৰ পূৰ্বে তেওঁক অসুস্থ অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাতেই স্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

ইয়াৰ উপৰি ৮২ বছৰীয়া তেলুগু কবি ৱাৰাৱাৰা ৰাওক স্বাস্থ্যজনিত কাৰণত সৰ্বোচ্চ ন্যায়ালয়ে চলিত বছৰৰ ফেব্ৰুৱাৰীত আৰু আইআইটি-কানপুৰত শিক্ষাগ্ৰহণ কৰা ৬১ বছৰীয়া ৷ মিক নেত্ৰী তথা অধিবক্তা সুধা ভৰদ্বাজক যোৱা ২০২১ৰ ডিচেম্বৰত বম্বে’ উচচ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে । এওঁলোক দুয়ো চিপিআই (মাওবাদী)ৰ সক্ৰিয় সদস্য বুলি এনআইএই দাবী কৰিছে ।

উল্লেখ্য যে ২০১৭ৰ ৩১ ডিচেম্বৰত পুনেত এলগাৰ পৰিষদৰ অভিৱৰ্তনত উচতনিমূলক তথা উত্তেজনাপূৰ্ণ ভাষণ প্ৰদানক কেন্দ্ৰ কৰিয়ে এই গোচৰ ৰুজু কৰা হয় । এনে ভাষণৰ বাবেই তাৰ পাছদিনা ভীমা কোৰেগাঁও যুদ্ধ স্মাৰকৰ সমীপত হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলি পুনে আৰক্ষীয়ে অভিযোগ কৰে । আৰক্ষীয়ে দাবী কৰে যে এই অভিৱৰ্তনৰ পৃষ্ঠপোষকতা কৰিছিল মাওবাদী সংগঠনে । পাছত অৱশ্যে গোচৰটো এনআইএলৈ হস্তান্তৰ কৰা হয় । পৰৱৰ্তী পৰ্যায়ত এজন এজনকৈ ১৬ জনক এই হিংসাত্মক ঘটনাৰ স’তে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় কঠোৰ আইনৰ ধাৰাত ।

ইয়াৰে দিল্লী নিবাসী গৌতম নউলখা অগ্ৰণী মানৱাধিকাৰ কৰ্মী আৰু সাংবাদিক । তেওঁ বাওপন্থী উগ্ৰপন্থীৰ সম্পৰ্কত লিখা-মেলা কৰি আহিছে । কাশ্মীৰকে ধৰি কে’বাখনো ৰাজ্যত নিৰাপত্তা বাহিনীৰ আতিশয্যৰ সমালোচক তথা ‘দ্য ইক’নমিক এণ্ড পলিটিকেল উইকলী’ৰ সম্পাদনা উপদেষ্টা । একাধিক গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা হেতুকে আৰু কাৰাগাৰত তাৰ চিকিৎসা উপলব্ধ নোহোৱা হেতুকে কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰি চিকিৎসাৰ সুযোগ দিবলৈ জনোৱা আবেদনৰ তীব্ৰ বিৰোধ কৰি এনআইএক প্ৰতিনিধিত্ব কৰা দেশৰ অতিৰিক্ত চলিছিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে নউলখাৰ দৰে ব্যক্তিসকলে দেশখনক ধ্বংস কৰি পেলাব বিচাৰে । ‘তেওঁলোকৰ নীতি-আদৰ্শই তেনে ধৰণৰ । এয়া নহয় যে তেওঁলোক নিৰ্দোষী । তেওঁলোক প্ৰকৃত যুদ্ধত লিপ্ত মানুহ ।’ ৰাজুৱে আদালতত এইদৰে সকীয়াই দিয়ে ।

ন্যায়াধীশ কে এম যোছেফ আৰু ন্যায়াধীশ হৃষীকেশ ৰয়ৰ খণ্ড বিচাৰপীঠে তেতিয়া মন্তব্য কৰে, ‘আপুনি জানিব খোজে নেকি দেশ কোনে ধ্বংস কৰি আছে ? সেইসকলে, যিসকল দুৰ্নীতিগ্ৰস্ত । প্ৰতিটো অফিচলৈ যদি যায়, কি দেখে? সেই দুৰ্নীতিগ্ৰস্তসকলৰ বি]শৰুদ্ধে কোনে ব্যৱস্থা লয় ? আমিয়েই পক্ষপাতদুষ্ট বুলি অভিযুক্ত হ’ব লাগে ।’ তাতেই ক্ষান্ত নাথাকি বিচাৰপীঠে পুনৰ পৰ্যবেক্ষণ দাঙি ধৰে এইদৰে, ‘এটা ভিডিঅ’ দেখিলো য’ত আমাৰ তথাকথিত জনপ্ৰতিনিধিক ক্ৰয় কৰিবলৈ কোটি কোটি টকাৰ লেনদেনৰ কথা চলিছে । আপুনি ক’ব খোজে নেকি যে সেইসকলে আমাৰ দেশৰ বিৰুদ্ধে একো কৰা নাই ? কথাটো হ’ল, যদি আপুনি প্ৰতিৰোধ নকৰে, তেন্তে সিহঁত আনন্দৰে গৈ থাকিব । টকাৰ বেগবোৰ আছে, যাৰ জৰিয়তে সিহঁত অনায়াসে সাৰি যায় ।’

আবেদনকাৰী বহু গুৰুতৰ ৰোগত ভুগি থকাৰ কথা উল্লেখ কৰি বিচাৰপীঠে কয় যে ৭০ বছৰ বয়সত সেয়া অস্বাভাৱিক নহয় । গতিকে তেওঁক কিছুসময়ৰ বাবে কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰাৰ ক্ষেত্ৰত চৰকালে কি ধৰণৰ নিৰ্দেশনা বিচাৰে তাক আদালতক জনাবলৈ অতিৰিক্ত চলিছিটৰ জেনেৰেলক নিৰ্দেশ দিয়ে । সেই অনুসৰি বৃহস্পতিবাৰে সকলো দিশ বিবেচনা কৰি কঠোৰ নীতি-নিৰ্দেশনাৰ মাজত নউলখাক এমাহৰ বাবে মুম্বাইত গৃহবন্দী কৰি ৰখাৰ অনুমতি প্ৰদান কৰে । আদালতে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা সামান্যভাৱে উলংঘা হ’লেও এই অনুমতি বাতিল কৰা হ’ব বুলি লগতে বিচাৰপীঠে আবেদনকাৰী পক্ষক সকীয়াই দিয়ে ।

‘আমি নাজানো কিমান দিন তেওঁ জীয়াই থাকিব । তেওঁ তেওঁৰ ভবিতব্যৰ দিশে আগবাঢ়িছে; কিন্তু সেয়া নহয় যে তেওঁলোকে দেশখন ধ্বংস কৰিব বিচাৰে আমি নাভাবো তেওঁলোকে দেশখন ধ্বংস কৰি পেলাব বিচাৰে ।’ বিচাৰপীঠে পুনৰ এইদৰে পৰ্যবেক্ষণ দাঙি ধৰে ।

নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতাসীন হোৱাৰ পাছৰে পৰা দেশত দুৰ্নীতিৰ বিৰুদ্ধে যথেষ্ট পানী ঘোলা কৰা হৈছে । বিভিন্ন ধৰণৰ বহুল প্ৰচাৰৰ জৰিয়তে এনে এক পৰিৱেশ দাঙি ধৰা হৈছে যেন দেশত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰা হৈছে আৰু ফলস্বৰূপে দুৰ্নীতি-ভ্ৰষ্টাচাৰ হ্ৰাস পাইছে । দৰাচলতে সেয়া যে তেনেই অন্তঃসাৰশূন্য প্ৰচাৰৰ বাহিৰে আন একো নহয়, সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ পৰ্যবেক্ষণেই তাক দাঙি ধৰিবলৈ যথেষ্ট; বৰঞ্চ ইও বহ্বাৰম্ভে লঘু ক্ৰিয়াৰ লেখীয়াহে হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ সদিচ্ছাক তেওঁৰ শত্ৰুসকলেও হয়তো অস্বীকাৰ নকৰিব; কিন্তু সমগ্ৰ ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ হোৱা নাই আৰু যি দুই-এক পদক্ষেপ গ্ৰহণ কৰা হৈছে – সিবোৰো পক্ষপাতিত্বমূলক হোৱা হেতুকে ফলপ্ৰসূ হোৱা নাই । দুটাকৈ কাৰ্যকাল সম্পূৰ্ণ কৰি তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচনলৈ সাজু হোৱা মোদী চৰকাৰৰ প্ৰদৰ্শনক লৈ হিচাপ-নিকাচৰ সময় সমুপস্থিত ।

তদুপৰি বহু সময়ত প্রধানমন্ত্রী মোদীয়ে অকলেই যুঁজ দিবলগীয়া হোৱাটোও স্পষ্ট হৈ উঠিছে। মোদীৰ দৰে এগৰাকী শক্তিশালী আৰু জনপ্ৰিয় প্রধানমন্ত্রী নেতৃত্বত থকাৰ পাছতো চৰকাৰৰ জটিল সিদ্ধান্তসমূহ ৰূপায়ণৰ দিশবোৰ যেনিবা তেওঁ অকলেই চম্ভালিবলগীয়া হৈছে।

ফলত আশানুৰূপ সুফল লাভ সম্ভৱ হৈ উঠা নাই। দেশত নগদ ধনৰ লেনদেন বন্ধ কৰি আৰ্থিক দুৰ্নীতি নিৰ্মূলৰ দাবীৰে ২০১৬ত বিমুদ্ৰাকৰণ কৰা হ’ল যদিও তেতিয়াৰে পৰা এই ছবছৰত নগদ ধনৰ প্ৰচলন ২০১৬তকৈ ৭০ শতাংশৰো অধিক বৃদ্ধিহে পালে । তদুপৰি বৃহৎ পৰিমাণৰ ক’লা টকা জমা থকা বুলি কোৱা হৈছিল যদিও ৯৯ শতাংশৰ অধিক নিষিদ্ধ ঘোষিত পাঁচশ আৰু হেজাটকীয়া নোট বেংকলৈ ঘূৰি অহাৰ তথ্য কোনে নাজানে।

বিমুদ্ৰাকৰণৰ পাছত এহেজাৰ্টকীয়া নোটৰ পৰিৱৰ্তে দুহেজাৰ্টকীয়া নোট ছপাই মুকলি কৰি দিয়া হৈছিল যদিও শেহতীয়া সময়ছোৱাত বজাৰৰ পৰা সেই নোট নাইকিয়া হৈছে। সন্দেহ কৰা হৈছে যে সেই নোটসমূহ ক’লা ধনৰ গৰাকীসকলে গোপনে জমা ৰাখিছে। এয়ে নহয়, বিদেশৰ বেংকত দুৰ্নীতিগ্রস্ত ভাৰতীয়ৰ লক্ষ লক্ষ কোটি টকা জমা থকা বুলি ২০১৪ৰ নিৰ্বাচনৰ পূৰ্বে মোদীয়ে দাবী কৰিছিল আৰু সেয়া দেশলৈ ওভতাই আনি নাগৰিকৰ মাজত বিতৰণৰ প্ৰতিশ্ৰুতি দিছিল।

এতিয়া সেইবোৰ প্ৰসংগ পাহৰণিৰ গৰ্ভত পতিত হৈছে। গতিকে দুৰ্নীতি আৰু ক’লা টকাৰ প্ৰচলন যে কমক ছাৰি বৃদ্ধিহে পালে সেয়া স্পষ্ট। তাতোকৈ লক্ষ্যণীয় কথাটো হৈছে— দুৰ্নীতি বিৰোধী অভিযানৰ ক্ষেত্ৰত চলি অহা পক্ষপাতিত্বমূলক কার্যকলাপ। যিকোনো বিৰোধী দলৰ নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধেহে কেৱল এই সময়ছোৱাত চিবিআই, ইডি, আয়কৰ আদিয়ে অভিযান চলাই হুলস্থূল লগাই আহিছে; অথচ বিজেপিৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ কম নাই।

শেহতীয়াভাৱে যোৱা বুধবাৰে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ নেতা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ বেআইনী বুলি আখ্যা দি আদালতে তেওঁক জামিনত মুক্তি প্রদান কৰে। লগতে ধনৰ অবৈধ লেনদেনৰ অভিযোগত ইডিয়ে ৰাউটৰ গ্ৰেপ্তাৰ কাৰ্যক কঠোৰভাৱে নিন্দা কৰি আদালতে কয় যে কোনো কাৰণ নোহোৱাকৈয়ে তেওঁক তিনিমাহৰো অধিক কাল কাৰাবন্দী কৰি ৰখা হ’ল। শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী চৰকাৰ বিজেপিৰ ষড়যন্ত্ৰত উৎখাতৰ বিৰুদ্ধে অধিক সৰৱ হোৱা বাবেই যে ৰাউটক এনেদৰে ‘এশিকনি’ দিয়া হ’ল তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

তদুপৰি কে’বাখনো ৰাজ্যত দেখ দেখকৈ আন দলৰ মন্ত্ৰী-বিধায়কক বজাৰতগৰু-ছাগলীৰ দৰে কিনা-বেচা কৰা হৈছে বিজেপিৰ নেতৃত্বত। সেইবোৰৰ কোনোবাটোত তদন্ত হ’ল জানো? তাতোকৈ দুর্ভাগ্যজনক কথাটো হৈছে— একেকেইজন ‘দাগী’ ৰাজনীতিকেই বিজেপিত যোগদানৰ লগে লগে পৱিত্ৰ হৈ পৰিছে। তেওঁলোকৰ বিৰুদ্ধে দুর্নীতি-ভ্ৰষ্টাচাৰৰ অভিযোগো বায়ুৰ লগত বিলিন হৈ নাইকিয়া হৈছে। গতিকে এনে ধৰণৰ কার্যকলাপে দুর্নীতিতো হ্রাস কৰিব নোৱাৰেই, বৰঞ্চ এক নতুন ধৰণৰ দুৰ্নীতিৰহে পথ মুকলি কৰিছে আৰু একাংশক অধিক দুৰ্নীতি কৰিবলৈ সাহস দিছে।

ফলস্বৰূপে দুর্নীতি নিৰ্মূল কেৱল প্ৰচাৰতে আৱদ্ধ হৈ ৰৈছে। অসমতো দুর্নীতি প্ৰতিৰোধৰ নামত আৰু ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ ব্যৱসায় ৰোধৰ ক্ষেত্ৰতে যথেষ্ট ভাষণৰ ফুলজাৰি চলিছে যদিও বাস্তৱৰ ছবিখন কাৰো দৃষ্টিৰ পৰা লুকাই থকা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d