Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

দুৰ্ভিক্ষৰ গ্ৰাসত ৰাৱণৰ স্বৰ্ণলংকা

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
April 4, 2022
in Opinion
Reading Time: 1 min read
0
দুৰ্ভিক্ষৰ গ্ৰাসত ৰাৱণৰ স্বৰ্ণলংকা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

পৃথক ৰাষ্ট্ৰ হ’লেও শ্ৰীলংকাৰ স’তে ভাৰতৰ সম্পৰ্ক আছে পৌৰাণিক কালৰ পৰাই । ই আমাৰ সমাজ জীৱনৰ স’তে এনেদৰে সংপৃক্ত হৈ আছে যে কথাই কথাই লংকাৰ উদাহৰণ আমাৰ মুখত ফুটি উঠে । গতিকে এই দ্বিৰাষ্ট্ৰখনৰ ভাল-বেয়াৰ স’তে আমি ক’ব নোৱৰাকৈয়ে জড়িত হৈ পৰো আৰু আনন্দিত অথবা উদ্বিগ্ন হ‌ওঁ । সেই বাবেই শ্ৰীলংকাৰ সাম্প্ৰতিক অৰ্থনৈতিক সংকটে ভাৰততো গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

অৱশ্যে কেৱল চুবুৰীয়া দেশ হিচাপেই নহয়, শ্ৰীলংকাৰ এনে বিপৰ্যয়ে ভাৰতলৈকো বিপজ্জনক সংকেত কঢ়িয়াই অনা নাইতো বুলিও বিভিন্ন মহলে আশংকা প্ৰকাশ কৰিছে । দুৰ্ভিক্ষৰ গ্ৰাসত পৰি এনেদৰে ৰাৱণৰ স্বৰ্ণলংকা ছাৰখাৰ হ’বলৈ ওলাইছে বুলি কিন্তু আৰ্থিক বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰি চৰকাৰক আগতীয়াকৈ সকীয়নি নিদিয়াকৈ থকা নাছিল । ক্ষমতাৰ ৰাগিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী পদৰ উপৰি আন একাধিক গুৰুত্বপূৰ্ণ পদ অধিকাৰ কৰি থকা ৰজাপক্ষ ভাতৃসকলেহে তালৈ কাণসাৰ নকৰিলে । ফলস্বৰূপে পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণৰ সম্পূৰ্ণ বাহিৰত ।

আৰ্থিক দিশত এখন দেশ যিমান ধৰণৰ সংকটৰ সন্মুখীন হ’ব পাৰে, শ্ৰীলংকা সম্প্ৰতি তেনে সকলোবোৰ বিপৰ্যয়ৰ সন্মুখীন । ফলস্বৰূপে দেশখন পুনৰ গৃহযুদ্ধৰ দিশে অগ্ৰসৰ হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষ‌ই ইতিমধ্যে সমগ্ৰ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু নিৰাপত্তা বাহিনীক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰিছে ।

স্বাধীনোত্তৰ কালৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰ্থিক দুৰ্যোগৰ সন্মুখীন হৈ ক্ষুব্ধ হৈ পৰা হেজাৰ হেজাৰ নাগৰিকে ৰাষ্ট্ৰপতিৰ আৱাসত বিক্ষোভ প্ৰদৰ্শন কৰাৰ পাছতে যোৱা শুকুৰবাৰে ৰাজাপক্ষ‌ই ততাতৈয়াকৈ এনে সিদ্ধান্ত ঘোষণা কৰে । ‘ৰাজহুৱা শৃংখলা ৰক্ষা আৰু দেশৰ জৰুৰী যোগান তথা সেৱা ব্যৱস্থা অক্ষুণ্ণ ৰখা’ৰ বাবেই জৰুৰী অৱস্থা ঘোষণা কৰা বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি ৰাজাপক্ষ‌ই যিকোনো সন্দেহজনক লোকক গ্ৰপ্তাৰ কৰি দীৰ্ঘদিনৰ বাবে বন্দী কৰি ৰাখিবলৈ সেনাবাহিনীক ক্ষমতা প্ৰদান কৰে ।

ঐশ্বৰ্যশালী সংস্কৃতিৰ অধিকাৰী শ্ৰীলংকাৰ লিপিবদ্ধ বুৰঞ্জী প্ৰায় তিনি হেজাৰ বছৰ পুৰণি যদিও ১,২৫,০০০ বছৰ পূৰ্বৰ প্ৰাগ্-ঐতিহাসিক যুগৰ পৰাই তাত মানুহৰ বসতি আছিল বুলি তথ্য পোৱা যায় । ভৌগোলিক অৱস্থানৰ বাবেই শ্ৰীলংকা পাছলৈ বেহা-বাণিজ্যৰ কেন্দ্ৰ হৈ পৰে । প্ৰথমে পৰ্তুগীজ, পাছলৈ ডাচ্চ আৰু শেষত ব্ৰিটিছে ১৮১৫ৰ পৰা ১৯৪৮লৈ ইয়াত উপনিৱেশ পাতে । দেশজুৰি আৰম্ভ হোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৪৮ত শ্ৰীলংকাই স্বাধীনতা লাভ কৰে । পাছত ১৯৭২ত ই গণৰাজ্য ঘোষিত হয় । ১৯৪৮ৰ পৰা ১৯৭৭লৈ সমাজবাদী বিচাৰধাৰাই চৰকাৰী নীতি নিৰ্ধাৰণত শক্তিশালীভাৱে প্ৰভাৱ বিস্তাৰ কৰে আৰু বিভিন্ন উদ্যোগ আদি ৰাষ্ট্ৰীয়কৃত কৰা হয় ।

১৯৭৭ত মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰি ব্যক্তিগতখণ্ডলৈ দুৱাৰ মুকলি কৰি দিয়া হয় । শ্ৰীলংকাৰ অৰ্থনীতিৰ মূল ভেটি হ’ল – পৰ্যটন, চাহ উৎপাদন আৰু ৰপ্তানি, বস্ত্ৰ উদ্যোগ, চাউল উৎপাদন আৰু অন্যান্য কৃষি উৎপাদন । ইয়াৰ উপৰি ঘাইকৈ মধ্য প্ৰাচ্যৰ বিভিন্ন দেশত বৃহৎ সংখ্যক শ্ৰীলংকাৰ লোক কৰ্মৰত হৈ আছে । অৱশ্যে ১৯৮৩ত পৃথক তামিল গৃহভূমিৰ দাবীত এল টি টি ইয়ে আৰম্ভ কৰা সশস্ত্ৰ সংগ্ৰামে দ্বীপ ৰাষ্ট্ৰখনত গৃহযুদ্ধৰ সূচনা কৰে আৰু হেজাৰ হেজাৰ লোকে প্ৰাণ হেৰুওৱাৰ উপৰি বৃহৎসংখ্যক লোকে গৃহহাৰা হ’বলগীয়া হয় ।

২০০৯ত শ্ৰীলংকাৰ সেনাবাহিনীয়ে এল টি টি ইক সম্পূৰ্ণৰূপে মষিমূৰ কৰিবলৈ সক্ষম হোৱাত দেশখনলৈ শান্তি ঘূৰি আহে । ২০০৫ৰ পৰা ২০১১ৰ কালছোৱাত শ্ৰীলংকাৰ জনমূৰি আয় দুগুণলৈ বৃদ্ধি পোৱাই নহয়, এই সময়ছোৱাত দৰিদ্ৰ ১৫.২ শতাংশৰ পৰা ৭.৬ শতাংশলৈ আৰু নিবনুৱাৰ হাৰ ৭.২ শতাংশৰ পৰা ৪.৯ শতাংশলৈ হ্ৰাস পায় । ইয়াৰ সমান্তৰালভাৱে নাগৰিকৰ আয়ৰ বৈষম্য হ্ৰাস পায় । তাৰ উপৰি খোৱা পানী, বৈদ্যুতিকৰণ আদিৰ দৰে নাগৰিকৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ ক্ষেত্ৰত পূৰ্ণ শতাংশৰ কাষ চাপে ।

পৰৱৰ্তী সময়ছোৱাত বিভিন্ন বিদেশী সংস্থাৰ সমীক্ষাত শ্ৰীলংকাই আৰ্থিক প্ৰগতি, মানৱ উন্নয়ন সূচক, পৰ্যটন আদিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰণী স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । কিন্তু ২০১৬ৰ পাছৰে পৰা দেশৰ ঋণৰ পৰিমাণ আকাশলংঘী হ’বলৈ ধৰে আৰু চৰকাৰে আন্তৰ্জাতিক মুদ্ৰানিধি (আই এম এ)ৰ শৰণাৰপন্ন হ’বলগীয়া হয় উদ্ধাৰৰ উপায় বিচাৰি । কিন্তু ঋণ আৰু সুত আদায় দিবলৈ গৈ অধিক ঋণ ল’বলগীয়া হোৱাত অৱস্থা উন্নত হ‌ওক ছাৰি অধিক অৱনতি ঘটিবলৈ ধৰে ।

যোৱা শুকুৰবাৰে চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত মাৰ্চত ৰাজধানী কলম্বোত মুদ্ৰাস্ফীতিয়ে ১৮.৭ শতাংশ চুইছেগৈ । ইয়ে যোৱা ছমাহত ধাৰাবাহিকভাৱে অভিলেখ সৃষ্টি কৰি আহিছে । সমান্তৰালভাৱে খাদ্য সামগ্ৰীৰ মূল্য অভিলেখ ৩০.১ শতাংশ বৃদ্ধি পাইছে । দেশত বিদেশী মুদ্ৰা জমাৰ লক্ষ্যৰে চৰকাৰে আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে । কিয়নো চলিত বৰ্ষত শ্ৰীলংকাই ৫১ বিলিয়ন মাৰ্কিন ডলাৰ মুঠ ঋণৰ প্ৰায় সাত বিলিয়ন ডলাৰ পৰিশোধ কৰিব লাগিব ।

২০১৯ৰ শেষৰ ফালে শ্ৰীলংকাৰ বিদেশী ঋণৰ পৰিমাণ আছিল দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ ৯৪ শতাংশ । ২০২১ৰ শেষত ই বৃদ্ধি হৈ ১১৯ শতাংশত উপনীত হয় । কোৱা বাহুল্য যে শ্ৰীলংকাৰ বিদেশী ঋণৰ এক বৃহৎ অংশ‌ই চীনৰ । একাংশ অৰ্থনীতিবিদে চীনৰ ঋণৰ ফান্দত পৰিব বুলি কলম্বোক পূৰ্বেই সতৰ্ক কৰি দি আহিছে । সাম্প্ৰতিক বিপৰ্যয়ৰ সময়ত চীন আশানুৰূপভাৱে শ্ৰীলংকা চৰকাৰৰ ওচৰত থিয় দিয়া পৰিলক্ষিত হোৱা নাই বুলি বিভিন্ন মহলে আঙুলিয়াই দিছে ।

পৰিস্থিতি এনে পৰ্যায় পাইছে যে ইন্ধনৰ অভাৱত যোৱা বুধবাৰৰ পৰাই সমগ্ৰ দেশজুৰি দৈনিক ১৩ ঘণ্টাকৈ বিদ্যুৎ সংযোগ ব্যাহত হৈছে । বিদেশী মুদ্ৰাৰ অভাৱত আমদানি স্তব্ধ হৈ পৰাত পেট্ৰ’ল ডিপ’সমূহত ইন্ধনৰ অভাৱ ঘটিছে । অকল সেয়ে নহয়, জীৱন দায়িনী ঔষধৰ অভাৱত অস্ত্ৰোপচাৰ তথা গুৰুতৰ ৰোগৰ চিকিৎসাও বন্ধ ৰাখিছে চৰকাৰী হাস্পাতালসমূহে । কাগজ কিনিবলৈ ধনৰ অভাৱৰ হেতুকে স্কুল-কলেজৰ পৰীক্ষাসমূহ বন্ধ ৰাখিবলগীয়া হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতা আৰু সাধাৰণ জনতাই সন্মুখীন হোৱা বিপৰ্যয়ৰ বাবে ৰাষ্ট্ৰপতিক জগৰীয়া কৰি হেজাৰ হেজাৰ লোকে ৰাজপথত হিংসাত্মক প্ৰতিবাদত অৱতীৰ্ণ হৈছে ।

দৰাচলতে বিগত কেইটামান দশকত শ্ৰীলংকাৰ বৰ্তমানৰ আৰু পূৰ্বৰ একাধিক চৰকাৰৰ আৰ্থিক নীতি পৰিচালনাৰ ভুলতেই দেশখন আজি এনে গভীৰ সংকটৰ গৰাহত পতিত হৈছে । ২০১৯ৰ এছিয়ান ডেভেলপমেণ্ট বংকৰ এক প্ৰতিবেদনত কোৱা হৈছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় আয়তকৈ ব্যয় যথেষ্ট বেছি হৈছে আৰু ইয়াৰ বিপৰীতে বাণিজ্যযোগ্য সামগ্ৰী তথা সেৱাৰ উৎপাদনো পৰ্যাপ্ত নহয় । কিন্তু সাম্প্ৰতিক সংকটৰ কাৰণ হৈছে – বৃহৎ হাৰত বিভিন্ন কৰ ৰেহাই । ক’ভিড-১৯ মহামাৰীৰ ঠিক আগে আগে ২০১৯ত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰাজাপক্ষ‌ই ভোট আদায়ৰ স্বাৰ্থত এনে পদক্ষেপ গ্ৰহণ কৰি অৰ্থনীতিলৈ বিপৰ্যয় মাতি আনিলে বুলি সমালোচনাৰ সন্মুখীন হৈছে । এনে কৰ ৰেহাইৰ আঁচনিয়ে অৰ্থনীতিত অত্যধিক চাপ সৃষ্টি কৰে ।

কৰ’নাৰ বাবে পৰ্যটন এক প্ৰকাৰ বন্ধ হৈ পৰাৰ সমান্তৰালভাৱে বিদেশত কৰ্মৰতসকলৰ পৰাও ধনৰ আগমন বন্ধ হৈ পৰাত ই ভূতৰ ওপৰত দানৱৰ লেখীয়া হৈ পৰে । ইয়াৰ ওপৰত আকৌ বিদেশী ঋণ পৰিশোধ কৰিবলগীয়া হোৱাৰ ফলত মাত্ৰ দুবছৰতে দেশত জমা বিদেশী মুদ্ৰাৰ ৭০ শতাংশৰো অধিক ব্যয় হয় । ইয়াৰ উপৰি বিপৰ্যয়ৰ আন এক কাৰণ হৈছে যোৱা বছৰৰ আকস্মিকভাৱে দেশৰ কৃষিখণ্ডত ৰাসায়নিক সাৰৰ প্ৰয়োগ নিষিদ্ধ কৰাটো । ইয়াকে লৈ সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত পাছত প্ৰত্যাহাৰ কৰে যদিও ইতিমধ্যে ই যথেষ্ট ক্ষতি কৰি পেলায় । ই কৃষি উৎপাদনত মাধমাৰ শোধোৱাৰ লগতে চাউল উৎপাদন ভয়ংকৰভাৱে হ্ৰাস কৰে । ফলস্বৰূপে ৰপ্তানি বাদেই, দেশৰ খাদ্য যোগানতে সমস্যাৰ সৃষ্টি হয় ।

অৱশেষত এনে জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীলংকা চৰকাৰে আই এম এফৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে ভাৰত আৰু চীনৰ পৰাও ঋণ সাহায্য বিচাৰিছে । ভাৰত চৰকাৰে পাঁচশ নিযুত ডলাৰ মূল্যৰ ডিজেল ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু শনিবাৰে দুখন জাহাজ শ্ৰীলংকাত উপস্থিত হৈছে । খাদ্য আৰু জীৱনদায়িনী ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী আমদানিৰ ‌বাবে ভাৰত চৰকাৰে ইতিমধ্যে এক বিলিয়ন ডলাৰৰ ঋণ দিবলৈ চুক্তিবদ্ধ হৈছে যদিও শ্ৰীলংকাই আৰু সম পৰিমাণৰ ঋণ বিচাৰিছে । একেদৰে চীনেও প্ৰায় পাঁচ বিলিয়ন ডলাৰৰ কে’বাটাও পৃথক ঋণ দিবলৈ সন্মত হৈছে । ইয়াৰ বিপৰীতে আই এম এফ-এ শীঘ্ৰে শ্ৰীলংকাৰ স’তে আলোচনাত মিলিত হ’ব বুলি ঘোষণা কৰিছে ।

লক্ষ্যণীয় যে আৰ্থিক বিশেষজ্ঞ তথা বিৰোধীয়ে দেশৰ অৰ্থনীতিৰ মন্দাৱস্থাক লৈ আই এম এফৰ পৰা সাহায্য গ্ৰহণৰ বাবে আহ্বান জনাই আহিছে যদিও ৰাজাপক্ষ চৰকাৰে তালৈ সম্পূৰ্ণ আওকাণ কৰি আহিছে; কিন্তু শেষ পৰ্যন্ত জোঁৰ পুৰি হাত পোৱাতহে চৰকাৰৰ গা লৰিছে । আই এম এফৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে শ্ৰীলংকাৰ ঋণৰ বোজা বহনযোগ্য পৰিমাণৰ বাহিৰলৈ গৈছে আৰু জমা থকা বিদেশী মুদ্ৰা ঋণ পৰিশোধৰ বাবে যথেষ্ট নহয় । সেয়ে এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে উক্ত প্ৰতিবেদনত ইংগিত দিয়া হৈছে ।

লক্ষ্যণীয় যে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈ চৰকাৰে দেশক অন্ধকাৰৰ গহ্বৰলৈ ঠেলি দিয়া বুলি ৰাজাপক্ষ বাহিনীৰ বিৰুদ্ধে শ্ৰীলংকা জ্বলি উঠিছে । সিদ্ধান্ত গ্ৰহণ আৰু তাক কাৰ্যকৰী কৰিব পৰা শক্তিশালী নেতাৰূপে প্ৰচাৰ চলাই ২০১৯ৰ নিৰ্বাচনত জয়ী হৈ গোটাবায়া ৰাজাপক্ষ‌ই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ আসন অধিকাৰ কৰিছিল । তাৰ পাছৰ বছৰত অনুষ্ঠিত সংসদীয় নিৰ্বাচনত তেওঁৰ দলে বিশাল জয় সাব্যস্ত কৰে ।

তেওঁৰ এজন ভাতৃ মহিন্দা প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ বিপৰীতে কনিষ্ঠতম ভাতৃ বাছিলে বিত্ত দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰে । ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠতম ভাতৃ তথা ভতিজাকেও কেবিনেট অধিকাৰ কৰি আহিছে । এনে জনপ্ৰিয় তথা শক্তিশালী ৰাজাপক্ষ ভাতৃসকল আজি দেশৰ আটাইতকৈ ঘৃণিত নেতৃত্বত পৰিণত হৈছে । ঋণৰ পাছত ঋণ গ্ৰহণ, ভুল আৰ্থিক নীতি তথা বিশেষজ্ঞৰ সকীয়নিলৈ কাণসাৰ নকৰাৰ ফল ভোগ কৰিবলগীয়া হৈছে দেশৰ সাধাৰণ জনতাই ।

ইয়াৰ লগে লগে শংকাৰ প্ৰশ্ন উত্থাপিত হৈছে ভাৰতৰ ভৱিষ্যতক লৈও । কিয়নো ভাৰত চৰকাৰেও আৰ্থিক নীতিৰ ক্ষেত্ৰত সততে বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণৰ পৰিৱৰ্তে ঠাট্টা বিদ্ৰূপহে কৰি আহিছে । ‘হাৰ্ভাৰ্ডতকৈ হাৰ্ডৱৰ্ক’ (হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ পৰামৰ্শতকৈ কঠোৰ শ্ৰম)হে অধিক ফলপ্ৰসূ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিকবাৰ মন্তব্য কৰিছে । এনে অত্যাধিক আত্মবিশ্বাস যে দেশৰ বাবে লাভজনক নহ’ব পাৰে, সেয়া বিমুদ্ৰাকৰণ, জি এছ টিকে ধৰি বিভিন্ন নীতি গ্ৰহণৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে ।

তদুপৰি ভাৰতত শেহতীয়াভাৱে কেন্দ্ৰ‌ই হ‌ওক অথবা ৰাজ্য চৰকাৰসমূহেই হ‌ওক, ৰাইজৰ কৰৰ ধনেৰে নিৰ্বাচনত ভোট আদায়ৰ বাবেই বিভিন্ন অনুৎপাদনশীল আঁচনি ৰূপায়ণ কৰিছে; অথচ প্ৰতিখন চৰকাৰে দেশী-বিদেশী সংস্থাৰ ঋণত পোত গৈ আছে । তেনে পৰিস্থিতিত শ্ৰীলংকাৰ আৰ্থিক বিপৰ্যয়ে ভাৰতৰ চকু মেল খুওৱাৰ বাবে যথেষ্ট বুলি ভবাৰ থল নথকা নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: pranjal sen dekaSri Lankaপ্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d