Adnan Sami : এদিন পাকিস্তানৰ সকলো কুকীর্তি ফাদিল কৰিম : হঠাৎ কিয় হুমকি দিলে আদনান ছামিয়ে ?

1366685 PakistaniSingerAdnanSamiKhancopy 1490598836

Adnan Sami :

জনপ্রিয় গায়ক আদনান ছামি জন্মসূত্রে পাকিস্তানি হ’লেও ২০০৬ত ভাৰতৰ নাগৰিকত্ব পায় । দীর্ঘ আইনি যুঁজৰ পাছত স্থায়ীভাৱে ভাৰতত থাকিবলৈ লয় জনপ্রিয় কণ্ঠশিল্পীজনে । কিন্তু কিয় পাকিস্তান ত্যাগ কৰিলে আদনানে ?

যদিও এই বিষয়ত পূৰ্বে খুব এটা উচ্চবাচ্য কৰা নাই, হঠাৎ ৰুদ্রমূর্তি ধাৰণ কৰিলে মৃদুভাষী শিল্পীজনে । প্ৰত্যক্ষভাৱে পাকিস্তানৰ দিশে আঙুলি তুলিলে গায়কজনে । পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তেওঁ মুখ খুলিলে ।

নিজৰ ইনষ্টাগ্রাম একাউন্টত কণ্ঠশিল্পীজনে লিখে, ‘‘মোক অনেকেই প্ৰশ্ন কৰে, ম‌ই কিয় পাকিস্তান এৰিলোঁ ? তাৰ লোক সম্পর্কে কোনো বিৰূপ ধাৰণা নাই । তেওঁলোকে যেনেদৰে মোক ভাল পায়, ময়ো তেওঁলোকক ভাল পাওঁ । কিন্তু পাকিস্তানৰ চৰকাৰেই মোৰ দেশ এৰাৰ বাবে দায়ী ।’’

কিছু হুমকিৰ সুৰত শিল্পীজনে কয়, ‘‘এদিন সকলো কুকীর্তি ফাদিল কৰি দিম । বছৰৰ পাছত বছৰ ধৰি মুখ বন্ধ কৰি ৰাখিছিলো । ম‌ই কেৱল সঠিক সময়ৰ অপেক্ষাত আছো । মানুহে এইবোৰ শুনিলে আচৰিত হৈ যাব !’’

উল্লেখ্য, ২০২০ত আদনান ছামিয়ে পদ্মশ্রী সন্মানৰে সন্মানিত হয় । তেওঁৰ গীত অৱশেষত হিট হ’ল ‘বজৰংগি ভাইজান’ ছবিৰ ‘ভৰ দ’ ঝ’লি মেৰি’ ।

Exit mobile version