Black Monkey Ape : হাইলাকান্দিত উদ্ধাৰ বিৰল প্ৰজাতিৰ সাতটাকৈ ক’লা বান্দৰ

WhatsApp Image 2022 11 15 at 17.15.16

Black Monkey Ape :

দুলৰ্ভ প্ৰজাতিৰ বন্য জন্তুৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰীৰ বাবে অন্যতম কৰিডৰত পৰিণত হৈছে মিজোৰাম-হাইলাকান্দি সীমান্তৱৰ্তী অঞ্চল  ৷

যোৱা নিশা হাইলাকান্দি আৰক্ষীয়ে নিয়মীয়া তালাচীত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সাতটাকৈ বিৰল প্ৰজাতিৰ ক’লা বান্দৰ ‘এপে’ ।

নিশাভাগত জিলাখনৰ মিজোৰাম সীমান্তৱৰ্তী জামিৰা আৰক্ষী চকীৰ নাকা চেকিঙত গোপন খবৰৰ ভিত্তিত এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ বান্দৰকেইটা ।

মিজোৰামৰ ফালৰ পৰা আহিছিল ট্ৰাকখন ৷ ট্ৰাকৰ ভিতৰৰ চাৰিটা বাকচৰ ভিতৰত লুকুৱাই অনা হৈছিল বান্দৰকেইটা ৷

আৰক্ষীয়ে উদ্ধাৰ কৰা বান্দৰ কেইটা পশু চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চমজাই দিয়া হয় বন বিভাগক ৷ আৰক্ষীয়ে বান্দৰ সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত ট্ৰাকৰ চালক আৰু তেওঁৰ লগতে থকা আন এগৰাকী ব্যক্তিক আটক কৰিছে ।

ইতিমধ্যে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে হাইলাকান্দি আৰক্ষীয়ে ৷ বিলুপ্ত প্ৰজাতিৰ বান্দৰ কেইটাৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত কে’বা কোটি হ’ব বুলি নিশ্চিত কৰে জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তই ৷

উদ্ধাৰ হোৱা ক’লা বান্দৰ কেইটাক বন বিভাগে গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানালৈ আজি প্ৰেৰণ কৰিব বুলি সদৰি কৰে হাইলাকান্দি বন বিভাগে ।

Exit mobile version