Brain Health :  স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ দৈনিক এই নিয়ম পালন কৰক 

2d8c1e8e 6976 4273 b735 fc45cd471a31

Brain Health :

মানুহৰ মন আৰু মগজু সুস্থ থাকিলে শৰীৰে সঠিক ধৰণে কাম কৰে । আজি আমি আপোনালোকক এনে কেইটামান নিয়মৰ বিষয়ে অৱগত কৰিম ,যিকেইটা পালন কৰিলে আপোনাৰ মগজু সুস্থ হৈ থকাৰ লগতে স্মৃতি শক্তি বৃদ্ধি পাব ।

১/ শিকাৰ আগ্ৰহ বৃদ্ধি কৰক :— যিমানেই আপুনি শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব ,সিমানেই আপোনাৰ মগজু সক্ৰিয় হৈ থাকিব । ই হৈছে মস্তিষ্কৰ এটা উত্তম ব্যায়াম । এই অভ্যাসে আপোনাৰ স্মৰণ অথবা স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰিব ।

২/ গান শুনাৰ অভ্যাস কৰক :— গান শুনিলে আমাৰ শৰীৰত খুব ভাল প্ৰভাৱ পৰে । ই আমাৰ মগজুৰ বিভিন্ন অংশক সক্ৰিয় কৰি ৰাখে । বিশেষকৈ গান শুনিলে আমাৰ ৰক্তচাপ, উদ্বেগ হ্ৰাস কৰি স্মৃতি শক্তি বৃদ্ধি কৰে । গৱেষণাত এইকথা প্ৰমাণ হৈছে যে , যেতিয়া আপুনি কোনো সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছে , সেই সংকট মোচনৰ বাবে যদি গান শুনে, তেন্তে আপোনাৰ মস্তিষ্কৰ ডোপামিন নি:সৰণ হ’ব আৰু আপোনাৰ মস্তিষ্ক ক্ৰমাৎ সুস্থ হৈ উঠিব ।

৩/ কিছুমান বিশেষ খেল খেলাৰ অভ্যাস কৰক :– যদি আপুনি কোন সমস্যাৰ মাজত সোমাই পৰিছে ,তেন্তে আপুনি কিছুমান খেল খেলৰ অভ্যাস গঢ়ি তোলক । ৰঙৰ স’তে খেলাৰ লগতে কাগজত কিবাকিবি আঁকিবলৈ অভ্যাস কৰক । এই অভ্যাসেও আপোনাক স্মৃতি শক্তি বৃদ্ধি কৰিব ।

৪/ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ অভ্যাস কৰক :—স্বাস্থ্যসন্মত খাদ্য খালে আমাৰ শৰীৰ সুস্থ হৈ থকাৰ লগতে মগজুৰ স্বাস্থ্যও সঠিক হৈ থাকিব । আমি হয়তো নেজানো যে স্বাস্থ্যকৰ আহাৰে পৰোক্ষভাৱে আমাৰ স্মৃতি শক্তিৰ ওপৰত অতি ভাল প্ৰভাৱ পেলায় । উল্লেখিত উপাদান সমূহে আমাৰ মগজুৰ স্মৃতিশক্তি তীব্ৰ কৰাত প্ৰচুৰ সহায় কৰে । বিশেষকৈ পুষ্টিকৰ খাদ্যই আমাৰ মগজুৰ বাবে খুবেই প্ৰয়োজনীয় উপাদান যোগান ধৰে । গতিকে স্মৃতি শক্তি বৃদ্ধিৰ বাবে মূলত স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব লাগে ।

বি: দ্ৰ: ওপৰোক্ত লিখনীটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । কোনো গুৰুতৰ ৰোগৰ লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version