Mizoram : শিলৰ কুৱেৰী খহি মিজোৰামত আঠজন কৰ্মীৰ মৃত্যু ! শিলৰ তলত আৱদ্ধ অন্তত ১৪জন

1668487346 mizoram 1

Mizoram :

মিজোৰামত এটা শিলৰ কুৱেৰী খহি পৰাত কমেও আঠজন শ্ৰমিকৰ মৃত্যু হয় । সন্ধানহীন হৈ আছে প্ৰায় চাৰি জন লোক । তেওঁলোক ধ্বংসত আৱদ্ধ হৈ আছে বুলি অনুমান কৰা হয়।

সৰ্বাধিক, কমেও ১৫ জন লোক খহি পৰা শিলৰ তলত আৱদ্ধ হৈ আছে বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত দক্ষিণ মিজোৰামৰ হাতিয়াল জিলাত এটা শিলৰ কুৱেৰী খহি পৰে।

মঙলবাৰে পুৱা আঠটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । জিলা আৰক্ষী অধীক্ষক বিনীত কুমাৰে জনাই যে সোমবাৰে আবেলি প্ৰায় তিনি বজাত, কিছুমান শ্ৰমিকে এবিচিআই ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা শিলৰ কুৱেৰীত কাম কৰি আছিল।

হঠাতে শিলৰ কুৱেৰীতো খহি পৰে । শ্ৰমিকসকলে শিল সংগ্ৰহ কৰি থকাৰ সময়ত ভূমিস্খলনৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছত উদ্ধাৰকাৰী কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় স্বেচ্ছাসেৱকসকলেও উদ্ধাৰ অভিযানত যোগদান কৰে । কে’বাটাও চিকিৎসা দল ঘটনাস্থলীত আছে।

সূত্ৰ অনুসৰি, শিলৰ কুৱেৰী থকা কোম্পানীটোৱে মিজোৰামত এটা ঘাইপথ নিৰ্মাণৰ বাবে কাম কৰি আছে। সেইকাৰণে ডাঙৰ শিল আৰু শিল সংগ্ৰহৰ কাম চলি আছিল । তাৰ মাজতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।

Exit mobile version