Shehbaz Sharif : কৰ’নাত আক্ৰান্ত পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফ

Shehbaz Sharif 1668498855572 1668498855808 1668498855808

Shehbaz Sharif :

কৰ’নাত আক্ৰান্ত হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফ । মঙলবাৰে টুইট কৰি এই কথা জনাইছে দেশখনৰ তথ্য মন্ত্ৰী মাৰিয়াম ঔৰঙ্গজেবে ।

প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি লণ্ডনৰ পাকিস্তানলৈ উভতিছে শ্বেহবাজ। দেশৰ প্ৰাক্তন প্ৰধামন্ত্ৰী তথা ককা নৱাজ ছৰিফক চাবলৈ লণ্ডনলৈ যায় শ্বাহবাজ ।

প্ৰসংগত, চলিত বছৰতে ক’ভিড সংক্ৰমণ সামান্য নিম্নমুখী যদিও অৱশ্যে, শেহতীয়াকৈ বিভিন্ন দেশত সংক্ৰমণৰ খবৰ পোৱা গৈছে।

চীনত কৰ’নাৰ প্ৰকোপ পুনৰ বৃদ্ধি পাইছে। দেশৰ স্বাস্থ্য আয়োগৰ মতে, সোমবাৰে সেই দেশত নতুনকৈ ১৬,০৭২ জনলোক আক্ৰান্ত হৈছে ।

বিগত ২৫ এপ্ৰিলৰ পৰা, চীনত অত্যধিক সংখ্যক লোক ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱা নাই। যদিও বেইজিং আৰু গুয়াংঝৌৰ দৰে প্ৰদেশত সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণত ৰখা হৈছে, ছাংহাইৰ পৰিস্থিতি অস্থিৰ বুলি জনা গৈছে।

Exit mobile version