Fish bone : ডিঙিত লাগি ধৰা মাছৰ কাইট উলিওৱাৰ ঘৰুৱা উপায় :—

big fish 1

Fish bone :

মাছ প্ৰায় মানুহৰ পচন্দৰ খাদ্য । বিশেষকৈ বেংগলী সমাজত মাছ বিহীন ভাত খোৱাটো অসম্ভব কথা । কিন্তু কেতিয়াবা আমাৰ মাছ খাওঁতে ডিঙিত কাইট লাগি ধৰে । এনে অস্বস্তিকৰ পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ আমি চিকৎসকৰ ওচৰলৈও যাব লগা হয় । আকৌ কেতিয়াবা ই ভয়ানক হৈ পৰিবও পাৰে । কিন্তু ঘৰুৱা পদ্ধতিৰেও আমি ডিঙিৰ পৰা মাছৰ কাইট উলিয়াব পাৰো । গতিকে আজি আমি আপোনালোকক সহজে ডিঙিৰ পৰা কেনেকৈ মাছৰ কাইট উলিয়াব পাৰি ,সেইবিষয়ে অৱগত কৰিম ।

১/ অলিভ অইল :– অলিভ অইল হৈছে এক প্ৰাকৃতিক লুব্ৰিকেন্ট । ডিঙিত মাছৰ কাইট লাগি ধৰিলে দুই বা তিনি চামুচ অলিভ অইল খালেও ডিঙিৰ কাইট আতৰিব পাৰে । ই লাগি থকা কাইটডাল কোমল কৰি ওলাই অহাত সহায় কৰে ।

২/ শুকান ভাত :– ডিঙিত লাগি ধৰা মাছৰ কাইট আতৰাবলৈ শুকান ভাতো উপকাৰী । শুকান ভাত গিলি দিলে ,সেই ভাততে কাইটডাল লাগি ধৰি ওলাই আহে । অৱশ্যে ভাত খোৱাৰ লগতে পানীও খাব লাগে । তেনে কৰিলে সহজেই ডিঙিৰ কাইট ওলাই আহে ।

৩/ কল :– ডিঙিত মাছৰ কাইট লাগিলে কল খালেও উপকাৰ পাব পাৰি । বিশেষকৈ কল খালে কলতে কাইটডাল লাগি আহে ।

৪/ ভিনেগাৰ :— পানীৰ লগত সামান্য পৰিমাণৰ ভিনেগাৰ মিহলি কৰি খালেও ডিঙিৰ কাইট সহজে গুচি আহে । আচলতে ই নেমুটেঙাৰ দৰে কাম কৰে ।

৫/ কুহুমীয়া পানী :– কুহুমীয়া পানীৰ সামান্য পৰিমাণৰ নিমখ মিহলাই খালেও ডিঙিৰ মাছৰ কাইট আতৰে । এনে কৰিলে কাইটডাল কোমল হৈ ওলাই আহে । বি:দ্ৰ: ওপৰোক্ত প্ৰতিবেদনটো প্ৰচলিত তথ্যৰ ওপৰত আধাৰিত যদিও গুৰুতৰ হ’লে চিকিৎসকৰ সহায় ল’ব লাগে ।

Exit mobile version