Black Neck Remedy :
আমি সকলোৱেই মুখ বা ছালৰ যত্ন লওঁ ঠিকেই , কিন্তু সততে মানুহৰ চকুত পৰা ডিঙিৰ অংশৰ যত্ন কিমানে লয় ? বহুতেই ডিঙিৰ পৰিচৰ্যা নকৰাৰ ফলত ডিঙিৰ কোনো অংশ ক’লা পৰি যোৱা দেখা যায় । যি মানুহৰ সৌন্দৰ্যত বেয়া প্ৰভাৱ পেলায় । দেখিবলৈ কুৎসিত লগা এই ক’লা দাগৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা দিহাৰ কথা আজি এই প্ৰতিবেদনত আমি আলোচনা কৰিম ।
ডিঙি ক’লা পৰাৰ প্ৰধান কাৰণ হৈছে ডিঙিত জমা হোৱা ময়লা অথবা ছালৰ মৃত কোষ । এই মৃত কোষ অথা ময়লাসমূহ ঘৰুৱা পদ্ধতিৰে চাফা কৰিব পাৰি ।
প্ৰথমে দুই চামুচ দৈ লৈ তাত এচামুচ নেমুৰ ৰস মিহলাই এক মিশ্ৰণ তৈয়াৰ কৰি লওঁক । ইয়াৰপিছত ডিঙিৰ ক’লা পৰা অংশত ঘহি প্ৰায় ১৫ মিনিট সময় ৰাখিব লাগে । অৰ্থাৎ মিশ্ৰণখিনি শুকোৱাৰ পিছত ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ ধুই পেলাব লাগে ।
বেকিং চোডা ব্যৱহাৰ :
কিছু পৰিমাণে বেকিং চোডা লৈ অলপ পানী দি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে আৰু দাগ পৰা অংশত লগাই প্ৰায় ১৫ মিনিট সময় ৰাখিব লাগে । পিছত অলপ গৰম পানীৰে পৰিষ্কাৰকৈ ধুই দিব লাগে । অৱশ্যে ধোৱাৰ পিছত অলপ ময়েশ্চাৰাইজাৰ ঘহিব লাগে ।
ক’লা নিমখ ব্যৱহাৰ :
গা ধোৱাৰ আগত এটুকুৰা ক’লা নিমখ লৈ ডিঙিৰ ক’লা পৰা অংশত মালিচ কৰিব লাগে । এনেদৰে লাহে লাহে মালিচ কৰাৰ পিছত ধুই পেলাব লাগে । গা ধোৱাৰ পিছত ক’লা দাগ টুকুৰাত অলপ ময়েশ্চাৰাইজাৰ লগাবলৈ পাহৰিব নেলাগে । এই পদ্ধতিত ক’লা দাগ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে ।
বেচন অথবা হালধীৰ পেষ্ট :
দুই চামুচ বেচন, এচামুচ হালধী , আধা চামুচ নেমুৰ ৰস আৰু অলপ গোলাপ জল মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে । পিছত দাগ পৰা অংশত লগাই প্ৰায় ১৫ মিনিট সময় ৰাখি গৰম পানীৰে ধুই দিব লাগে । সপ্তাহত অন্তত দুবাৰ এই পদ্ধতি ব্যৱহাৰ কৰিলে নিশ্চয়কৈ আপোনাৰ এই সমস্যা নিৰ্মূল হ’ব ।
বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো প্ৰচলিত তথ্যৰ ওপৰত আধাৰিত । কেতিয়াবা এই সমস্যা অন্য ৰোগৰো লক্ষণ হ’ব পাৰে । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত প্ৰয়োজন ।