Gujarat Assembly Election 2022 : বাতিল হ’ল ৩৬৩টা মনোনয়ন !

মোদী-শ্বাহৰ ৰাজ্যত প্রথম পৰ্যায়ৰ নিৰ্বাচনত প্রার্থীৰ সংখ্যা ৯৯৯

WhatsApp Image 2022 11 16 at 19.36.35

Gujarat Assembly Election 2022 :

মনোনয়ন জমা দিছিল মুঠ ১,৩৬২ জনে । তাৰ ভিতৰত বিভিন্ন ত্রুটিৰ বাবে বাতিল হৈছে ৩৬৩ জনৰ নাম । বুধবাৰে নির্বাচন আয়োগৰ তৰফৰ পৰা জনাইছে, গুজৰাটত প্রথম পৰ্যায়ৰ নিৰ্বাচনত ৮৯টা আসনত প্রার্থী আছে মুঠ ৯৯৯ জন ।

অহা এক আৰু পাঁচ ডিচেম্বৰত দুটা পৰ্যায়ত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ ৰাজ্যত ভোটগ্রহণ হ’ব । গণনা হ’ব আঠ ডিচেম্বৰত । ১৮২টা আসনৰ ভিতৰত ৮৯টাত ভোটগ্রহণ হ’ব এক ডিচেম্বৰত । বাকী ৯৩খন আসনত পাঁচ ডিচেম্বৰ ।

নৰ পৰা ১৪ নৱেম্বৰ পর্যন্ত প্রথম পৰ্যায়ৰ বাবে মনোনয়ন পত্র জমা দিয়া কাৰ্য হৈছিল । দ্বিতীয় পৰ্যায়ৰ বাবে ১০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে মনোনয়ন । ১৭ নৱেম্বৰ পর্যন্ত অব্যাহত থাকিব । প্রথম পৰ্যায়ৰ নিৰ্বাচনত মনোনয়ন প্রত্যাহাৰৰ শেষ দিন অহা বৃহস্পতিবাৰ । ফলত প্রার্থীৰ সংখ্যা আৰু কমিব পাৰে ।

অহা এক ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হব কচ্ছ, সৌৰাষ্ট্র আৰু দক্ষিণ গুজৰাটৰ জিলাসমূহত । ইয়াৰ ভিতৰত ২০১৭ত সৌৰাষ্ট্রৰ গ্রামীণ কেন্দ্রসমূহত ভাল ফল কৰিছিল কংগ্রেছে ।

আনহাতে, দক্ষিণ গুজৰাটত চুৰাট, ভাৰুচ, নৱসাৰী, বলছাডৰ দৰে জিলাৰ বিধানসভা আসনসমূহত বিজেপিয়ে অধিকাংশ আসনত জয়ী হ’লেও মহাৰাষ্ট্র সীমান্ত সমীপৱৰ্তী জনজাতি অধ্যুষিত কেন্দ্রসমূহত ভাল ফল কৰিছিল কংগ্রেছে ।

Exit mobile version