Kismis : কিচমিচৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক

images 7 1

Kismis :

শুকান আঙোৰৰ পৰা প্ৰস্তুত কৰা কিচমিচ অতিকে পুষ্টি গুণেৰে ভৰপূৰ ড্ৰাইফ্ৰুটছ । সোণালী বাদামী ৰঙৰ এই ফল খুবেই শক্তিদায়ক । ইয়াক সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা হয় । তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পালে কিচমিচ খাবলৈ দিয়া হয় । কিচমিচ ইমানেই শক্তিদায়ক ফল যে, মাত্ৰ এটা কিচমিচ খালেও শৰীৰত তেজৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি হয় । পিত্ত বা বায়ুৰ সমস্যাও দূৰ কৰে । আনকি হৃদপিণ্ডৰ বাবেই অত্যন্ত উপকাৰী । আজি আমি আপোনালোকক কিচমিচৰ কেইটামান উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম ।

ওজন নিয়ন্ত্ৰণ :— কিচমিচ প্ৰাকৃতিক শৰ্কৰা সমৃদ্ধ যুক্ত হোৱাৰ বাবে শৰীৰৰ কেলৰি নিয়ন্ত্ৰণ কৰে । বিশেষকৈ ই দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰাখে কাৰণে ওজন নিয়ন্ত্ৰণ হয় ।

ৰক্তহীনতা দূৰ কৰে :—প্ৰচুৰ পৰিমাণে লো আৰু ভিটামিন বি কমপ্লেক্স থকাৰ কাৰণে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে । ইয়াত থকা কপাৰে তেজৰ লোহিত কণাৰ পৰিমাণ বৃদ্ধি কৰে ।

হজমত সহায় কৰে :— দৈনিক পানীত তিয়াই ৰখা কিচমিচ খালে পেটৰ সমস্যা দূৰ হয় । বিশেষকৈ ই হজমী ক্ষমতা বৃদ্ধি কৰি কোষ্ঠকাঠিন্য সমস্যা হ্ৰাস কৰে আৰু পেট পৰিষ্কাৰ কৰে ।

ৰক্তচাপ নিয়ন্ত্ৰণ :—পটাচিয়াম সমৃদ্ধ কিচমিচে শৰীৰত লবণাক্ততাৰ ভাৰসাম্য বজাই ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ইয়াত থকা এন্টি অক্সিডেন্টে ৰক্তনলীৰ জৈব ৰসায়নত ইতিবাচক পৰিৱৰ্তন আনে । ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে।

হাড়ৰ গঠন ভাল কৰে :— দুৰ্বল হাড় গঠনৰ বাবে অতি প্ৰয়োজনীয় উৎস হৈছে কিচমিচ । ইয়াত উপলব্ধ কেলচিয়াম মাইক্ৰোনিউট্ৰিয়েন্টে হাড় সুস্থ আৰু সুদৃঢ় কৰাত সহায় কৰে ।

মুখৰ দুৰ্গন্ধ দূৰ কৰে :– কিচমিচত থকা এন্টি ব্যেকটেৰিয়েল উপাদানে মুখৰ স্বাস্থ্য ৰক্ষা আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে ।

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে :— কিচমিচত থকা ভিটামিন বি আৰু চিয়ে মানুহৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে । যিকোনো ৰোগ সংক্ৰমণৰ ক্ষেত্ৰতো বাধা দিয়ে । বিশেষকৈ জ্বৰ আৰু অন্যান্য দুৰ্বলতা দূৰ কৰাৰ লগতে।শৰীৰটোত সুস্থিৰতা প্ৰদান কৰে ।

শক্তি যোগান ধৰে :— কিচমিচত থকা প্ৰাকৃতিক গ্লুকজে কৰ্মশক্তি বৃদ্ধি কৰে । এক পৰিমিত পৰিমাণত কিচমিচ খালে শৰীৰৰ দুৰ্বলতা হ্ৰাস কৰাৰ লগতে বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰে ।

অন্ধত্ব ও কলেষ্টৰেল দূৰ কৰে :—কিচমিচত থকা প্ৰচুৰ এন্টি অক্সিডেন্টে মানুহৰ অন্ধত্ব হোৱাত বাধা দিয়াৰ লগতে ইয়াত থকা ফাইবাৰে লিভাৰৰ কলেষ্টৰেল দূৰ কৰাত সহায় কৰে ।

অনিদ্ৰা দূৰ কৰে :– কিচমিচত থকা প্ৰচুৰ আইৰণে মানুহৰ অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিয়ে । সেইয়েহে গৱেষকে প্ৰতিদিনে পুৱা দুটাকৈ কিচমিচ খোৱাৰ পৰামৰ্শ দিছে ।

মনোযোগ আৰু বুদ্ধিৰ বিকাশ কৰে :— শিশুসকলৰ বুদ্ধিৰ বিকাশ বা মনোযোগ বৃদ্ধি কৰাত কিচমিচে সাংঘাতিক ধৰণে সহায় কৰে । ইয়াত থকা উপকাৰী উপাদানে মনোযোগ বৃদ্ধি কৰি মানসিক প্ৰশান্তি দিয়ে । বিশেষকৈ ই মানুহৰ গভীৰ নিদ্ৰা অহাত সহায় কৰা কাৰণে মগজু শান্ত হোৱা পৰিলক্ষিত হয় । নিয়মিত কিচমিচ খালে মানসিক অৱসাদো দূৰ কৰে ।

বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Exit mobile version