Assam Mla Team Bangladesh Visit : অসম বিধানসভাৰ ৩৭ জনীয়া বিধায়ক দল ৰাওনা বাংলাদেশলৈ

WhatsApp Image 2022 11 18 at 18.09.03

Assam Mla Team Bangladesh Visit :

অসম বিধানসভাৰ প্ৰতিনিধি দল ৰাওনা প্ৰতিবেশী ৰাষ্ট্ৰলৈ ৷ ছয়দিনীয়া বিশেষ ভ্ৰমণসূচীৰে শাসক- বিৰোধীৰ ৩৭ জনকৈ বিধায়কৰ বাংলাদেশ ভ্ৰমণ ৷

আজি বিয়লী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যোৱা বিধায়কৰ দলটো বাংলাদেশত থাকিব ছদিন ৷ উল্লেখ্য যে বিধায়কৰ দলটোৱে অসমৰ সৈতে বাংলাদেশৰ সম্পৰ্ক বঢ়াবলৈ এক সদিচ্ছা ভ্ৰমণ হিচাপে ঢাকালৈ গৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা জানিব পৰা মতে অসমৰ বিধায়কসকল ১৯ নৱেম্বৰত আগৰতলাৰ পৰা ঢাকালৈ আহিব। বিধান সভাৰ সদস্যসকলে ঢাকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰিব।

একে সময়তে জাতীয় সংসদৰ অধ্যক্ষ শিৰীন শৰ্মিন চৌধুৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এ কে আব্দুল মোমিন, গৃহমন্ত্ৰী আসাদুজ্জমান খান কামালক সাক্ষাৎ কৰিব।

অসম বিধানসভাৰ বিধায়কৰ দলটোত আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ বিধায়কৰ দলটোৰ স’তে এটা সাংস্কৃতিক দলো গৈছে । তেওঁলোকে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

বিধায়কসকলে ৰঙামাটিৰ এখন গাওঁ পৰিদৰ্শন কৰিব য’ত অসমীয়া লোক বাস কৰে। সাংস্কৃতিক দলটোৱে ৰঙামাটিত সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

একেদৰে প্ৰতিনিধি দলটো খাগ্ৰাচাৰীলৈ যাব। তাত তেওঁলোকে বড়ো সম্প্ৰদায়ৰ সৈতে সাংস্কৃতিক কাৰ্যসূচীৰ বিনিময় কৰিব। এই ভ্ৰমণৰ প্ৰতিনিধি দলটোৱে ২৩ নৱেম্বৰত ঢাকাৰ পৰা উভতিব ৷

Exit mobile version