ISRO : মহাকাশত নতুন পদক্ষেপ, দেশৰ প্রথম বেচৰকাৰী ৰকেট ‘বিক্রম-এছ’-ৰ উৎক্ষেপণ সফল

a541eff6 957a 48bb aa63 9eade09b0996

ISRO :

মহাকাশত অৱতৰণ কৰিলে ভাৰতত প্রথম বেচৰকাৰী উদ্যোগত নির্মিত ৰকেট ‘বিক্রম-এছ’এ । শুকুৰবাৰে পুৱা অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্রৰ লঞ্চ পেডৰ পৰা সফল উৎক্ষেপণ হয় হায়দৰাবাদৰ বেচৰকাৰী সংস্থা ‘স্কাইৰুট এৰ’স্পেছ’-এ প্ৰস্তুত কৰা ৰকেটটো । ৰকেটটোৰ নাম দিয়া হৈছে ‘বিক্রম-এছ’ ।

প্ৰাপ্ত তথ্য অনুসৰি, উৎক্ষেপণৰ পাছত সফলভাৱেই নির্দিষ্ট কক্ষপথত স্থাপন হয় ‘বিক্রম-এছ’ । ‘স্কাইৰুট এৰ’স্পেছ’-ৰ এই অভিযানৰ ছদ্মনাম আছিল ‘প্রাৰম্ভ’ । প্রসংগত, বেচৰকাৰী উদ্যোগত প্ৰস্তুত কৰা প্রথম ৰকেটটোৰ নামকৰণ কৰা হৈছে ভাৰতৰ স্বনামধন্য গৱেষক তথা মহাকাশ অভিযানৰ প্রাণপুৰুষ বিক্রম ছাৰাভাইৰ নাম অনুসৰি ।

‘বিক্রম-এছ’-ৰ নির্মাতা সংস্থাৰ চিইঅ’ পৱনকুমাৰ চন্দানাই চলিত মাহৰ আৰম্ভণিতে জনাইছিল, তেওঁলোকৰ ৰকেট নির্মাণৰ কাম সফলভাৱে শেষ হৈছে । নৱেম্বৰৰ ১২ৰ পৰা ১৬ তাৰিখৰ ভিতৰত উৎক্ষেপণ হ’ব । ইছৰোৰ এক সূত্র অনুসৰি, ইঞ্জিনৰ কিছু খুঁটিনাটি পৰীক্ষাৰ বাবে সময়সীমা কিছু পিছুৱাই দিয়া হয় । শুকুৰবাৰে পুৱা উৎক্ষেপণৰ কথা নির্মাতা সংস্থাৰ তৰফৰ পৰা টুইটাৰত জনোৱা হৈছে ।

বিক্রম-এছ’ এটা একক পর্যায়ৰ ছাব-অৰবিটেল ৰকেট । বিক্রম ছিৰিজৰ অন্য ৰকেটবোৰৰ প্রযুক্তিগত ক্ষমতা পৰীক্ষা কৰিবলৈ এই ৰকেটে সহায় কৰিব । প্রসংগত, ২০২০ত দেশত মহাকাশ গৱেষণাৰ ক্ষেত্রত ঢালাও সংস্কাৰৰ পথ অৱলম্বন কৰিছিল মোদী চৰকাৰে । সিদ্ধান্ত হয় কেৱল ইছৰো নহয়, ভাৰতত এইবাৰ মহাকাশত প্ৰস্তুত কৰিব পাৰিব বেচৰকাৰী সংস্থায়ো । কৃত্রিম উপগ্রহ আৰু তাৰ আনুষংগিক যন্ত্রপাতিয়ো তৈয়াৰ কৰিব পাৰিব ।

দেশত মহাকাশ গৱেষণাত ইছৰোৰ উপৰিও বেচৰকাৰী সংস্থাবোৰক টানি আনিবৰ বাবে পৃথককৈ এটা সংস্থা গঠন কৰাৰ প্রস্তাৱো কিছু বছৰ পূৰ্বে অনুমোদিত হৈছে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত । সেই সংস্থাৰ নাম দিয়া হৈছে, ‘ইণ্ডিয়ান নেছনেল স্পেছ প্রম’ছন এণ্ড অথৰাইজেছন চেন্টাৰ (ইন-স্পেছ)’ ।

Exit mobile version