Karbianglong :মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য নৱাইবিলত

ত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ

WhatsApp Image 2022 11 18 at 18.15.21

 Karbianglong :

পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিলত চাঞ্চল্যকৰ ঘটনা। খেৰণি থানা তথা মাইলু উপ-আৰক্ষী চকী অন্তৰ্গত নৱাইবিলত উদ্ধাৰ হয় এজন ৫০ বছৰীয়া ব্যক্তিৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ৫ নম্বৰ নৱাইবিলৰ মহেশ চৌহানৰ বুলি চিনাক্ত কৰিছে গাওঁবাসীৰ লগতে আৰক্ষীয়ে। লোকজনক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

ADVERTISEMENT

সমান্তৰালকৈ মৃতদেহৰ মুৰত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে মৃত মহেশৰ জ্যেষ্ঠ ভাতৃয়ে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত খৰি লুৰুকিবলৈ যোৱা এজন লোকে জংঘলৰ মাজত উক্ত মৃতদেহটো প্ৰত্যক্ষ কৰে।

ভয়ত লৰালৰিকৈ গাওঁ লৈ উভতি আহি প্রত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত গাওঁবাসীক অৱগত কৰে আৰু আৰক্ষীকো খৱৰ দিয়ে। খবৰৰ ভিত্তিত ততাতয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে গাওঁবাসীও উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

পৰিয়ালবৰ্গই জানিব দিয়া অনুসৰি যোৱা কালি দিনৰ প্ৰায় ১২ বজাত মহেশ চৌহানে লামচাখাঙ বজাৰত বজাৰ কৰিবলৈ গৈছিল, কিন্তু তাৰ পাছত ঘৰলৈ উভতি অহা নাছিল মহেশ।

ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহৰ মৰুণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাওঁবাসীক সোধা-পোছা কৰাৰ উপৰিও উল্লেখিত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version