Kim Jong -un : আমেৰিকাত পাৰমাণৱিক আক্ৰমণ কৰাৰ সক্ষম ক্ষেপণাস্ত্ৰ আছে উত্তৰ কোৰিয়াৰ হাতত ! দাবী জাপানৰ

d09d7e51 f333 4503 9442 4acf21704da3

Kim Jong -un :

Kim Jong -un : দক্ষিণ কোৰিয়াই কিছুবছৰ পূৰ্বে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং-উনৰ “গোপন পৰিকল্পনা” সম্পৰ্কে সতৰ্ক কৰি দিয়ে । এইবাৰ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী য়াচুকাজু হামাদাই দাবী কৰে যে পিয়ংইয়ং সেই পৰিকল্পনাত সফল হৈছে।

শুকুৰবাৰে তেওঁ কয় যে উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত মিছাইল আক্ৰমণ কৰাৰ প্ৰযুক্তি আয়ত্ত কৰিছে।

হামাদাই শুকুৰবাৰে কয়,”উত্তৰ কোৰিয়াৰ ওচৰত ১৫,০০০ কিলোমিটাৰ পৰিসৰৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) আছে,।”

কিমৰ দেশখনে শেহতীয়াকৈ জাপানৰ উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰত কেবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে । জাপানৰ প্ৰতিৰক্ষা বিভাগে কয় যে তেওঁলোকৰ বিমানৰ প্ৰকৃতিৰ পৰা কাৰিকৰী বৈশিষ্ট বিশ্লেষণ কৰোঁতে এই তথ্য পোহৰলৈ আহিছে।

প্ৰায় পাঁচ বছৰ আগতে, দক্ষিণ কোৰিয়াই জনাই যে পিয়ংইয়ংয়ে আমেৰিকাৰ গুৰুত্বপূৰ্ণ চহৰসমূহত পাৰমাণৱিক আক্ৰমণ কৰাৰ লক্ষ্যৰে আইচিবিএম ‘হোৱাচং-১৪’ নিৰ্মাণ সম্পূৰ্ণ কৰিছে।

ইয়াৰ পূৰ্বে ৬,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘হোৱাচং-১২’ৰ সহায়ত কিমৰ দেশৰ উত্তৰ প্ৰান্তৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ গুয়াম আক্ৰমণ কৰা সম্ভৱ হৈছিল।

জাপানে দাবী কৰে যে নতুন ক্ষেপণাস্ত্ৰৰ সহায়ত উত্তৰ কোৰিয়াই জ’ বাইডেনৰ দেশৰ এক বৃহৎ অঞ্চলক লক্ষ্য কৰি লৈছে।

বৃহস্পতিবাৰে, উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা এটা বেলিষ্টিক মিছাইল পৰীক্ষা কৰে। ইয়াৰ পাছতে দেশখনৰ চৰকাৰী সংবাদ মাধ্যম ‘কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সি’য়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ বন্ধু দক্ষিণ কোৰিয়াই তেওঁলোকৰ বিৰুদ্ধে যিকোনো পদক্ষেপ ৰখাৰ বাবে অনুশোচনা কৰিব লাগিব।

Exit mobile version