West Bengal :চুবুৰীয়া ৰাজ্যত আৱদ্ধ অসমৰ যুৱক !

মুখ্যমন্ত্ৰীৰ পৰা সহায়ৰ আহ্বান পৰিয়ালৰ

WhatsApp Image 2022 11 18 at 11.31.37

West Bengal :
চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আবদ্ধ হৈ আছে অসমৰ চল্লিশজনকৈ যুৱক ৷ জীৱিকাৰ সন্ধানত প্ৰতিবেশী ৰাজ্যখনৰ বৰ্ধমান জিলাত গৈছিল যদিও শেহতীয়াকৈ আবদ্ধ হৈ পৰে ৷

তিনিচুকীয়া,চৰাইদেও,ডিব্ৰুগড়ৰ পৰা গৈছিল চল্লিশ জনীয়া যুৱকৰ দলটো৷ কিন্ত বৰ্ধমানত কামৰ বিনিময়ত মালিকে মজুৰি নিদিয়াৰ অভিযোগ কৰে যুৱক কেইজনে ৷

মজুৰি খোজাৰ বাবেই তেওঁলোকক আবদ্ধ কৰি শেহতীয়াকৈ চলাইছে নিৰ্যাতন চলোৱাৰো অভিযোগ কৰে ৷ আবদ্ধ হৈ পৰা যুৱক কেইজনৰ পৰিয়ালৰ লোকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায়ৰ আহ্বান কৰিছে ৷

উল্লেখ্য যে যুৱকৰ দলটো বহি:ৰাজ্যত এটা এজেন্সিত কৰ্মৰত হৈ আছিল ৷

Exit mobile version