Winter : শীতকাল মানেই চৰ্দি – কাহৰ প্ৰকোপ, সুস্থ থাকিবলৈ কোন কেইবিধ ফল খাব ?

WhatsApp Image 2022 11 18 at 17.26.41 1

Winter :

শীতকালত, ৰোগ প্ৰতিৰোধ প্ৰণালী স্বাভাৱিকৰ তুলনাত সামান্য হ্ৰাস হয়। ইয়াৰ লগতে বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে । জ্বৰ, চৰ্দি আৰু কাহৰ দৰে ৰোগসমূহ হৈয়ে থাকে ।

গতিকে ভিটামিন চি, ফাইবাৰ আদিৰ দৰে কিছুমান অত্যাৱশ্যকীয় উপাদান যোগান ধৰিবলৈ, শীতকালত টেঙা ফল অধিক খাব লাগে।

তাতে শৰীৰটো ভিতৰৰ পৰা সুস্থ হ’ব। শীতকালত আপুনি কোনবোৰ ফল বেছি কৈ খাব লাগে ?

কমলা:

শীতকালত সুস্থ হৈ থাকিবলৈ আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ, কমলা অন্যতম । চৰ্দি আৰু কাহৰ পৰা ঋতুগত সংক্ৰমণলৈকে বিভিন্ন ৰোগৰ স’তে যুঁজিবলৈ বিটা-কেৰোটিন আৰু এণ্টি অক্সিডেণ্ট সমৃদ্ধ কমলা কাৰ্যকৰী। কমলাত ভিটামিন চি আৰু কেলচিয়াম থাকে। হাড় আৰু দাঁতৰ যত্ন লোৱাত এই দুটা সামগ্ৰীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

জলফাই :

শীতকালত, খাদ্য তালিকাত চাটনি নাথাকিলে যেন খুৱাই আধৰুৱা হৈ পৰে । আৰু যদি এইটো জলফাই হয়, তেনেহ’লেটো কথাই নাই ।

জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু চি থাকে। শীতকালৰ চৰ্দি, জ্বৰ, দৰে সমস্যা পৰিহাৰ কৰাৰ বাবেও এই ফলযোৰ বৰ উপযোগী। একে সময়তে, আৰ্থ্ৰাইটিছৰ বিষ আৰু হাপানি উপশম কৰাৰ ক্ষেত্ৰত জলফাই যথেষ্ট কাৰ্যকৰী।

আমালখি:

চুলিৰ পৰা ছাললৈকে – ভিটামিন চি সমৃদ্ধ আমলখি যথেষ্ট কাৰ্যকৰী। শীতকালত, আপুনি দৈনিক খাদ্যতালিকাত এটা আমলখি ৰাখিব পাৰে। ইয়াৰ ফলত বহুতো সমস্যাৰ সমাধান বিচাৰি পাব । শীতকালত ৰোগ বৃদ্ধি পাই । ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত আমলখিৰ ভূমিকা গুৰুত্বপূৰ্ণ

Exit mobile version