Parliament Winter Session: সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব সাত ডিচেম্বৰৰ পৰা

WhatsApp Image 2022 11 19 at 12.40.13

Parliament Winter Session:
দেশৰ লোকসভা আৰু ৰাজ্যসভাৰ শীতকালীন অধিৱেশন সাত ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ৷ আজি এই কথা সদৰি কৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰল্হাদ যোশীয়ে । সংসদৰ অধিবেশনৰ কৰ্মদিন থাকিব ১৭ দিন ৷

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে টুইট যোগে উল্লেখ কৰা মতে সাত ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অধিৱেশনৰ ২৩ দিনত থাকিব ১৭ টা বিশেষ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে |

চৰকাৰে গঠনমূলক বিৰ্তকৰ বাবে আগ্ৰহী বুলি সদৰি কৰি মন্ত্ৰীজনে আশা কৰে যে অধিৱেশনত শাসক- বিৰোধী সকলোৱে এক ইতিবাচক দৃষ্টিভংগীয়ে সংসদৰ সৌস্তৱ বৃদ্ধি কৰিব ৷

আনহাতে সংসদৰ অধিৱেশনৰ প্ৰথম দিনা কেইবাগৰাকী বিশিষ্ট ৰাজনীতিকৰ মৃত্যুত তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই এদিনৰ বাবে সংসদৰ কাৰ্যসূচী স্থগিত ৰখাৰ সম্ভাৱনা ব্যক্ত কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version