Ganja peddler arrest :. বোকাজানৰ খটখটীত চাৰি কুইণ্টল গাঞ্জাসহ দুজন আটক ;

254b85b5 acf2 404a 9621 329b883cb36f

Ganja peddler arrest :

এক গোপন খবৰৰ ভিত্তিত বোকাজানৰ খটখটী আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যৌথ অভিযানত আজি চাৰি কুইণ্টল গাঞ্জাসহ জালত পৰে দুই সৰৱৰাহকাৰী ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি , ডিমাপুৰৰ দিশৰ পৰা অহা ইউ.পি.১৪ এটি ৭৮৫১ নম্বৰৰ এখন ট্ৰাক ভিতৰত নিৰ্মাণ কৰা এটা গোপন কক্ষত সোমোৱাই আনিছিল গাঞ্জাখিনি ৷

খটখটীৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মূখত আৰক্ষীয়ে স্থাপন কৰা বিশেষ তালাচী চকীত উদ্ধাৰ হোৱা এই গাঞ্জাখিনিৰ সৈতে আটক কৰা হয় দুই সৰৱৰাহকাৰীক ৷

ধৃত দুই সৰৱৰাহকাৰী ক্ৰমে বিহাৰৰ ৰামায়ন যাদৱ আৰু ভোলা যাদৱ ৷ আৰক্ষীয়ে জনোৱা মতে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি বিহাৰলৈ সৰৱৰাহৰ চেষ্টা কৰিছিল ধৃত সৰবৰাহকাৰী কেইজনে ।

Exit mobile version