Gmc:মহানগৰত শীৰ্ঘেই বলবৎ হ’ব নতুন নিয়ম

ৰাজপথত চাইকেল চলালে দিব লাগিব কৰ !

WhatsApp Image 2022 11 21 at 13.26.13

Gmc :
মহানগৰীত থলুৱা খাদ্য সম্ভাৰৰ ওপৰত গুৱাহাটী পৌৰ নিগমে কৰ লগোৱাৰ পিছত মিস্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ কৰ ধাৰ্য্য কৰিব চাইকেল আৰু ৰিক্সা চালকৰ ওপৰত ৷

আপুনি মহানগৰীত চাইকেল চলায় নেকি৷যদি চলায় তেন্তে এতিয়াৰ পৰা দিৱ লাগিব কৰ ৷ এনে এক নিয়ম বলবৎ কৰিবলৈ গৈ আছে গুৱাহাটী পৌৰ নিগমে ৷ আনহাতে যিবোৰ ৰিক্সা মটৰ সংযোজনৰে চলায় আছে সেইবোৰো শীঘ্ৰে বন্ধ কৰিব ৷

মুঠৰ ওপৰত গুৱাহাটী মহানগৰত চাইকেল,ৰিক্সা আৰু থেলা চালকেই এতিয়াৰ পৰা বছৰেকীয়া কৰ দিব লাগিব

জি এম চিক ৷ সেই অনুসৰি চাইকেল চলোৱা সকলে দহ টকা,ৰিক্সা চালক সকলে চল্লিশ টকা দিব লাগিব ৷

ইতিমধ্যে এই কথা সদৰি কৰি গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়,জি এম চিয়ে লঘু যান-বাহনৰ পৰা সংগৃহীত কৰ সন্দৰ্ভত অচিৰেই প্ৰস্তুত কৰিব গাইড লাইন

Exit mobile version