Murder Case :পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড !

প্রেমিকাক টুকুৰা টুকুৰকৈ কাটিলে প্রেমিকে

Murder Case :

নতুন দিল্লীত আফতাব আমিন পুনাৱালা নামৰ এজন যুৱকে প্রেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি ৩৫ টুকুৰাকৈ কটা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এসপ্তাহৰ ভিতৰতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো অনুৰূপ এটা ঘটনা পোহৰলৈ আহিছে । আবু বকৰ নামৰ এজন যুৱকে প্রেমিকা কবিতা ৰাণীক হত্যা কৰি কাটিলে টুকুৰা টুকুৰকৈ ।

ছয় নৱেম্বৰত আৰু বকৰ কামলৈ যোৱা নাছিল আৰু তেওঁৰ ফোনটো আছিল ‘নট ৰিচ্চেব্‌ল’ হৈ আছিল। তেওঁ কাম কৰা পৰিবহণ কোম্পানীৰ মালিকে তেতিয়া তেওঁৰ ভাৰাঘৰলৈ এজন লোকক পঠাই দিয়ে। বকৰৰ ঘৰটো বাহিৰৰ পৰা তলা মৰা আছিল।বকৰৰ নিৰুদ্দেশ সম্পর্কে সন্দেহ হোৱাত ভাৰাঘৰৰ মালিকে আৰক্ষীক দিয়ে খবৰ।

আৰক্ষী আহি ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাত এটা বাকচত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে । মহিলা গৰাকীৰ মূৰটো পৃথককৈ পলিথিনেৰে মেৰিয়াই থোৱা আছিল। আনহাতে হাতখন নাছিল। পিচত উক্ত মহিলাগৰাকী কালীপদ বাচাৰৰ কন্যা কবিতা ৰাণী বুলি চিনাক্ত কৰা হয়।

সাত নৱেম্বৰত আৰক্ষীয়ে আবু বকৰক তেওঁৰ লিভ-ইন সংগী স্বপ্নাৰ সৈতে গ্ৰেপ্তাৰ কৰে । বাংলাদেশৰ ৰেপিড একশান বেটেলিয়নৰ বিষয়াৰ মতে আবু বকৰে যোৱা চাৰি বছৰ গোবৰচকা স্কোৱাৰৰ সেই ঘৰত স্বপ্নাৰ সৈতে একেলগে বাস কৰিছিল।

শেহতীয়াকৈ বকৰৰ কবিতাৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়ি উঠিছিল । পাছত বকৰে কবিতাক হত্যা কৰি মৃতদেহটো কেইবা টুকুৰা কৰি কাটে।

পাঁচ ৫ নৱেম্বৰত স্বপ্না কামলৈ যাওঁতে আবু বকৰে কবিতাক মাতে । দুয়োজনৰ মাজত তর্কাতর্কি হোৱাত বকৰে খঙতে কবিতাক হত্যা কৰে।

এই নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বাংলাদেশত ৷ ইতিমধ্যে হত্যাকাৰী আবু বকৰক বাংলাদেশৰ ৰেপিড একশান বেটেলিয়নে গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে জেৰা৷

Exit mobile version