Raisin :পানীত তিয়াই থোৱা কিচমিচ খাওঁক আৰু ৰোগৰ পৰা বাচি থাকক

WhatsApp Image 2022 11 21 at 13.50.12 1

Raisin:

আমি সকলোৱে জানো যে কিচমিচ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী । কাৰণ কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম আৰু ফাইবাৰ থাকে । যি শৰীৰক অসাধাৰণ পুষ্টি যোগান ধৰি ৰোগৰ পৰা ৰক্ষা কৰে । ড্ৰাই ফ্ৰুটছ বহুত ধৰণৰ আছে যদিও কিচমিচ শৰীৰৰ বাবে বেছি উপকাৰী ।

বিশেষজ্ঞৰ মতে, পানীত তিয়াই ৰখা কিচমিচে মানুহৰ ওজন হ্ৰাস কৰাৰ লগতে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে । আনকি গোটেই নিশা যদি আপুনি কিচমিচ পানীত তিয়াই ৰাখি ,সেইপানী খালী পেটত খাব পাৰে , তেতিয়াও আপোনাৰ শৰীৰৰ সাংঘাতিক উপকাৰ সাধন হয় ।

আজি আমি পঢ়ুৱৈ সকলক পানীত তিয়াই ৰখা কিচমিচৰ কেইটামান উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম ।

১/ কোষ্ঠকাঠিন্য দূৰ কৰে : আজিকালি বেছিকৈ তেল মছলাযুক্ত খাদ্য গ্ৰহণ কৰাৰ বাবে প্ৰায়ভাগ মানুহে কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি থকা দেখা যায় । পেট চাফা নোহোৱাৰ ফলত দিনটো চৰম অশান্তিত পাৰ কৰে । এনেক্ষেত্ৰত যদি আপুনি নিশা পানীত তিয়াই ৰখা কিচমিচৰ পানী খাব পাৰে ,তেন্তে আপুনি এই সমস্যাৰ পৰা মুক্তি পাব । ই পেটৰ বিপাকৰ সমস্যা দূৰ কৰি দ্ৰুতগতিত পেট পৰিষ্কাৰ কৰে ।

২/ ওজন হ্ৰাস কৰে : আজিকালি ওজন বৃদ্ধি পোৱা সমস্যা সকলোৰে আছে । বিশেষজ্ঞৰ মতে , কিচমিচৰ পানী সেৱন কৰিলে আপোনাৰ ওজন কমাত সহায় কৰিব । ইয়াত থকা গ্লুকজ আৰু ফ্ৰুকোজে শৰীৰক শক্তি প্ৰদান কৰাৰ সমান্তৰালকৈ ওজন হ্ৰাস কৰাতো অভূতপূৰ্ব সঁহাৰি আগবঢ়ায় ।

৩/ ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে :– শীতকালৰ সময়ছোৱাত আমাৰ শৰীৰৰ ছাল শুকান হোৱাৰ লগতে সতেজতা কমি যোৱা দেখা যায় । যদি আপুনি দৈনিক কিচমিচৰ পানী খোৱাৰ অভ্যাস কৰে ,তেন্তে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি ছালখন মসৃণ কৰি ৰাখিব । এতিয়া কথা হ’ল আপুনি কিদৰে এই কিচমিচৰ পানী তৈয়াৰ কৰিব !

প্ৰথমতে আপুনি ১৫০ গ্ৰাম কিচমিচ ভালদৰে ধুই ল’ব আৰু দুকাপ পানী লৈ কিচমিচখিনি ঢালি গোটেই নিশা ৰাখি থ’ব । পিছদিনা পুৱাই খালী পেটত সেই পানী খাব ।

বি:দ্ৰ: এই প্ৰতিবেদনটো সচেতনতা বৃদ্ধিৰ বাবে যুগুত কৰা হৈছে । কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version