Bridge Inspection in Uttarakhand : উত্তৰাখণ্ডৰ অধিকাংশ দলঙে এতিয়া বিপজ্জনক ,জনালে সমীক্ষাই

dsc 0635

Bridge Inspection in Uttarakhand :

উত্তৰাখণ্ডৰ ডেৰাডুন অঞ্চলৰ প্ৰায় ৩৬ খন দলং জৰাজীৰ্ণ অৱস্থাত আছে আৰু যিকোনো মুহূৰ্তত খহি পৰিব পাৰে, উত্তৰাখণ্ড ৰাজহুৱা নিৰ্মাণ বিভাগে (পিডব্লিউডি) কৰা এক জৰীপত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য ।

শেহতীয়াকৈ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত ৰাজ্যখনৰ পাঁচটা অঞ্চলৰ সকলো দলঙৰ অৱস্থাৰ ওপৰত এক জৰীপ কৰা হৈছিল । তিনি হেজাৰ ২৬২ খন দলঙৰ ভিতৰত, ৰাজ্যৰ ৰাজহুৱা নিৰ্মাণ বিভাগে মুঠ দুই হেজাৰ ৬১৮ খন দলঙৰ ওপৰত প্ৰতিবেদন দাখিল কৰিছে।

ৰাজ্যৰ ৰাজহুৱা নিৰ্মাণ বিভাগৰ এজন বিষয়াই জনাই যে প্ৰতিবেদনখন চৰকাৰক দাখিল কৰাৰ পাছত, চৰকাৰে এখন ‘ব্ৰীজ বেংক’ তৈয়াৰৰ নিৰ্দেশ দিছে । ৰাজ্যখনৰ জিলা দণ্ডাধীশসকলে দায়িত্ব গ্ৰহণ কৰিব বুলিও জনাইছে উত্তৰাখণ্ড চৰকাৰে । তথ্য অনুসৰি ব্ৰীজ বেংকে দলং মেৰামতি কৰাৰ খৰচ বহন কৰিব।

সূত্ৰ অনুসৰি, চৰকাৰে পুৰণি দলংবোৰ মেৰামতি কৰাৰ পৰিৱৰ্তে নতুন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰে জ্যেষ্ঠ বিষয়াসকলক তিনি সপ্তাহৰ পাছত পুনৰ দলংসমূহৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ এটা জৰীপ কৰিবলৈ নিৰ্দেশ দিছে ।

গুজৰাটৰ মোৰবীৰ দলং দুৰ্যোগৰ পাছত, উত্তৰাখণ্ড চৰকাৰে তিনি নৱেম্বৰত ৰাজ্যৰ ৰাজহুৱা নিৰ্মাণ বিভাগক ৰাজ্যখনৰ দলংসমূহ নিৰীক্ষণ কৰিবলৈ এক সুৰক্ষা জৰীপ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে গুজৰাটৰ দৰে উত্তৰাখণ্ডত এনে দুৰ্ঘটনা সংঘটিত নহয়।

Exit mobile version