Cancel Wedding : দৰাই দিয়া লেহেংগা কম দামৰ, কইনাই ভাঙিলে বিবাহ

download 16

Cancel Wedding :

বিবাহৰ বতৰত সামাজিক মাধ্যমত কিছুমান,বৈবাহিক আজৱ বতৰা ভাইৰেল হয়। তেনে এক ঘটনা শেহতীয়াভাবে সামাজিক মাধ্যমত বিশেষ চৰ্চিত হৈছে । দৰাৰ পৰিয়ালৰ লোকে কম দামী লেহেংগা প্ৰেৰণ কৰাৰ কাৰণত কইনাই বাতিল কৰিলে বিবাহ।

এই ঘটনাৰ কথা প্ৰচাৰিত হোৱাৰ লগে লগে সকলোৱে অবাক হৈছে। ঘটনাৰ সন্দৰ্ভত স্থানীয় থানাত অভিযোগ দাখিল কৰিলে দৰাপক্ষই । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দৰাপক্ষই কইনাপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি কৈছে যে বিয়াৰ সকলো আয়োজন সম্পূর্ণ কৰাৰ পাছত অন্তিম মুহূর্তত কইনাপক্ষই হঠাতে বিয়া বাতিল কৰাত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

সেয়েহে দৰাপক্ষই কইনা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে । অভিযোগকাৰী দৰাপক্ষই লগতে কৈছে যে কেৱল লেহেংকাৰ মূল্য কম বুলি কাৰণ দৰ্শাই কইনা পক্ষই এই বিবাহ নাকচ কৰিলে।

প্রকাশিত বাতৰি অনুসৰি, দৰাৰ পিতৃয়ে কইনাৰ বিবাহত পৰিধানৰ বাবে ১০ হেজাৰ টকা মূল্যৰ লেহেংগা অৰ্ডাৰ দি ক্রয় কৰিছিল। এই লেহেংগাটো দৰাৰ পৰিয়ালে কইনালৈ প্ৰেৰণ কৰিছিল। কিন্তু লেহেংগাটো মুঠেও পছন্দ নহ’ল কইনাৰ। যেতিয়া লেহেংগাৰ মূল্যত কইনাৰ চকু পৰিল, তেতিয়া কইনা খঙত জাঙুৰ খাই উঠিল।

ইয়াৰ পাছতে কইনাই দৰাক জনালে যে তেওঁ এই বিবাহ ভংগ কৰিলে। যোৱা জুনত যুৱতীৰ স’তে পাত্রপক্ষই যুৱকৰ বিবাহ স্থিৰ কৰিছিল আৰু যোৱা পাঁচ নৱেম্বৰত আছিল বিয়াৰ দিন। উত্তৰ প্ৰদেশৰ এই ঘটনাই সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে।

দৰাপক্ষই কৰা অভিযোগ অনুসৰি,তেওঁলোকে বিবাহৰ সকলো আয়োজন কৰাৰ লগতে অতিথিকো নিমন্ত্রণ জনাইছিল। হঠাতে কইনাপক্ষই বিয়া ভংগৰ কথা ঘোষণা কৰাত আৰ্থিক লোকচানৰ লগতে আত্মীয়-স্বজনক অতিথিৰ সন্মুখত অপমানিত আৰু লজ্জিত হ’ব লগা হোৱা বুলিও দৰাপক্ষই আৰক্ষীক অভিযোগ কৰে।

দৰাপক্ষই লগতে কয় যে কইনাই সৰু কথা এটাতে এইদৰে বিবাহ বাতিল কৰাটো উচিত নহ’ল । আৰক্ষীয়ে উভয় পক্ষৰ মাজত বুজাবুজিৰ চেষ্টা চলাইছিল যদিও কইনাই বিয়াৰ বাবে মান্তি নহ’ল। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি কৈছে যে এনে সাধাৰণ কাৰণত বিবাহ বাতিল কৰা যুৱতীক যুৱকে বিয়া নকৰাই ভালেই কৰিছে ।

Exit mobile version