Italian Town : সমগ্ৰ বিশ্বক আবেদন ইটালীৰ এখন চহৰত বসবাস কৰিবলৈ

shutterstock 1495508669 1024x684 1

Italian Town :

বাসিন্দাসকলক আকৃষ্ট কৰিবলৈ লোভনীয় অফাৰ ইটালীৰ কিছু সৰু চহৰৰ ৷ সমগ্ৰ বিশ্বক আবেদন কৰিছে তাত বসবাস কৰিবৰ বাবে ৷ ইটালীৰ পাগলিয়া প্রদেশৰ প্রেচিক্কে চহৰত থাকিলে ৩০ হেজাৰ ইউৰো দিয়া হ’ব গৃহ নিৰ্মাণ কৰিবৰ বাবে ৷ ভাৰতীয় মুদ্রাত ইয়াৰ পৰিমাণ প্রায় ২৫ লাখ টকা ৷

চহৰত গৃহ নিৰ্মাণ কৰিবৰ বাবে এই অর্থ প্ৰদান কৰা হৈছে ৷ স্থানীয় কাউন্সিলৰে সংবাদমাধ্যমক জনাইছে, এই চহৰৰ ঐতিহাসিক কেন্দ্রত ১৯৯১ৰ পূৰ্বে নিৰ্মিত বহু গৃহ খালি হৈ আছে ৷ সেইবোৰত তেওঁলোকে নতুন বাসিন্দাসকলক নতুন সংসাৰ দেখুওৱাব বিচাৰে ৷ প্রাচীন চহৰত ইতিহাস, স্থাপত্য আৰু শিল্পৰ এই নিদর্শনবোৰ শূন্য দেখি ভাল নালাগে, মত স্থানীয় প্রশাসকসকলৰ ৷

আগ্রহী বাসিন্দাসকলক আকর্ষণ কৰিবলৈ অর্থৰ ব্যৱস্থা কৰা হৈছে ৷ কাৰণ সময়ৰ লগে লগে ক্ষয়ৰ প্রলেপ পৰিছে চহৰখনত ৷ কাউন্সিলৰৰ দাবী, কর্তৃপক্ষৰ পৰিকল্পনা আছে পৰৱর্তী সপ্তাহবোৰত এই বিষয়ত আবেদন গ্রহণ কৰা ৷

যদি কো আগ্রহী হয়, চহৰৰ ৱেবছাইটত গৈ আবেদন কৰিব পাৰে ৷ কর্তৃপক্ষৰ তৰফৰ পৰা কোৱা হৈছে যদি কোনোৱে এই চহৰৰ পৰিত্যক্ত গৃহ ক্ৰয় কৰিব বিচাৰে, তেনেহ’লে তেওঁক ৩০ হেজাৰ ইউৰো দিয়া হ’ব ৷ টকাৰ কিছু অংশ ব্যৱহাৰ কৰা হ’ব পুৰণি গৃহ কিনিবলৈ আৰু কিছু অংশ ব্যৱহাৰ কৰা হ’ব গৃহবোৰ মেৰামতি কৰিবলৈ ৷

ইটালীয় আইন অনুযায়ী পৰৱর্তীকালত আৰু বৃহত্তৰ ক্ষেত্রত পাবলিক ফাণ্ডৰ ব্যৱস্থা কৰা হ’ব ৷ অনুমান কৰা হৈছে প্রতি বছৰে ১,০০০,০০০ ইউৰো আবণ্টন কৰা হ’ব ৷ এই অর্থ পৰৱর্তীকালত ব্যৱহাৰ কৰা হ’ব চহৰৰ উন্নয়নত ৷

Exit mobile version