Sp Transfer-Oc suspended : উত্তেজনা অব্যাহত অসম-মেঘালয় সীমান্তত

এজনীয়া তদন্ত আয়োগ গঠন অসম চৰকাৰৰ

WhatsApp Image 2022 11 22 at 19.59.03

Sp Transfer-Oc suspended :

পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত আজি পুৱতি নিশা সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠনৰ কথা ঘোষণা ৷

তদন্ত আয়োগে তিনি মাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন ৷ আনহাতে অসম-মেঘালয় সীমান্তৰ ঘটনাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে পশ্চিম কাৰ্বি আংলংৰ অ চি’ কাজল নাথক নিলম্বন কৰাৰ লগতে আৰক্ষী অধীক্ষক ইমদাদ আলীক বদলিকৰণৰ নিৰ্দেশ দিয়ে ৷

ঘটনাত নিহত হোৱা মেঘালয়ৰ পাঁচজন আৰু অসমৰ এজন লোকৰ পৰিয়াললৈ এককালীন সাহায্য হিচাপে পাঁচ লাখ টকাৰ দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version