Dhubri :
ধুবুৰী জিলাৰ আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত কামানডাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ লগতে বছৰেকীয়া খেল-ধেমালীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰিয়া বিভাগৰ মুঠ ২২ টা খেলত ল’ৰা আৰু ছোৱালীৰ পৃথকে পৃথকে ‘ক’ আৰু ‘খ’ ভাগত বিভক্ত কৰি ৮৪ দফীয়া খেলত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে সাংস্কৃতিক বিভাগত ১৫ দফীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্থানপ্ৰাপ্তসকলক বঁটা বিতৰণ কৰা হয় ।

বিয়লি এক বজাৰ পৰা কামানডাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল কুদ্দুছ সেখৰ সভাপতিত্বত বিদ্যাঞ্জলি অনুষ্ঠানৰ মুকলি সভা অনুষ্ঠিত হয় । মুখ্য অতিথি ৰাতুল কুমাৰ দাস (এইএছআই) আইএছ/ডিইইঅ’/ ডিএমচি ধুবুৰী, আগমনী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ধৰ্মপ্ৰসাদ ৰায়, হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ফৰিদ উদ্দীন আহমেদ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা হাতীধুৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সৌভাগ্য দাস, তামাৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ শীল, হাতীধুৰা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ চৌকত আহমেদ, তামাৰহাট কৰ্মচাৰী পৰিষদৰ সভাপতি আব্দুল হামিদ সেখ, কাছাৰীগাঁও ছিনিয়ৰ মাদ্ৰাছাৰ মোহতামিম আব্দুল আজিজ আকন্দ, কামনাডাংগা গাঁও পঞ্চায়তৰ সভাপতি আবু ছায়েদ সেখ, বিশিষ্ট সমাজকৰ্মী খাইৰুল আলম মিঞা, কুমাৰগঞ্জ উচ্চমাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন দাস, পেটলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হোসেইন সেখৰ লগতে আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত ক্লাষ্টাৰ সমূহৰ চিআৰচিচি-ৰ লগতে প্ৰতিখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ।
সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ যুটীয়া সম্পাদক আব্দুল ৰশিদ সেখে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ তথা শিক্ষা বিভাগৰ আহ্বানত বিদ্যাঞ্জলিত ভাগ লোৱা বিশিষ্ট সমাজকর্মী, অভিভাৱকৰ লগতে আগ্ৰহী ব্যক্তিসকলে প্ৰতিখন বিদ্যালয়ত আন্তগাঁথনি উন্নতকৰাৰ বাবে চকী, মেজ, ঘড়ী, ফেন, লেপটপৰ লগতে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায় ।






























