Fire : ষ্টেচনত অঘটন

দাও দাওকৈ জ্বলিল যাত্ৰীবাহী ট্ৰেইন ,তিনিটাকৈ ডবা ভস্মীভূত

WhatsApp Image 2022 11 23 at 21.55.48

Fire:
ডবা পৰিস্কাৰৰ বাবে ৰে’ল ষ্টেচনত ৰখাই থোৱা ০৯৫৮৯ নম্বৰৰ যাত্ৰীবাহী ট্ৰেইনখনত হঠাতে সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিটাকৈ ডবা ৷

এই ঘটনা আজি বিয়লী সংঘটিত হয় মধ্য প্ৰদেশৰ বেতুলৰ ৰে’লৱে য়াৰ্ডত ৷ দাও দাওকৈ জ্বলি উঠা জুয়ে পলকতে তিনিটা ডবা আগুৰি ধৰে যদিও আন ডবালৈ জুই সম্প্ৰসাৰিত হোৱা পূৰ্বে আন ডবা সমূহ পৃথক কৰা হয় ৷

আনহাতে এই অগ্নিকাণ্ডত দুটা ডবা ভস্মীভূত হোৱাৰ বিপৰীতে বাকী চাৰিটা ডবা আংশিক ক্ষতিগ্ৰস্ত হয় ৷ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৷ ডেৰ ঘন্টাযোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়া বৰ্গ ঘটনাস্থলীত উপস্থিত হৈ বুজ লয় ৷

 

Exit mobile version