Guwahati Crime : মহানগৰীত সংঘটিত পুনৰ ডকাইতিকাণ্ড

ব্যক্তিগত নিৰাপত্তাৰক্ষীক ৰছীৰে হাত-ভৰি বান্ধি লুটপাত কৰিলে দুৰ্বৃত্তই কৰিলে

WhatsApp Image 2022 11 23 at 13.52.56

Guwahati Crime :

মহানগৰী স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি অপৰাধীয়ে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ গুৱাহাটী ক্ৰমাৎ পৰ্যবেশিত হৈছে অপৰাধ নগৰীলৈ ৷ চৰম নিৰাপত্তাহীনতাত ভূগিছে মহানাগৰিক ৷

আজি পুৱাভাগতে মহানগৰীৰ সদাব্যস্ত গণেশগুৰিৰ নয়নপুৰৰ ড’মিজৰ বিপণীত পাঁচজনীয়া ডকাইতৰ দল এটাই লুটপাত চলাই৷সেহ সময়ত নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী সহ আন কৰ্মচাৰীসকলক দুৰ্বৃত্তৰ দলটোৱে  আক্ৰমণ কৰি ৰছিৰে হাত- ভৰি বান্ধি লুটপাত কৰি পলায়ন কৰে ৷

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পাঁচ ঘন্টাৰ মুৰতহে দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ কৰে স্থানীয় লোকে৷ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধপোছৰ বাবে চাৰিজন লোকক আটক কৰি আৰম্ভ কৰিছে তদন্ত ৷

মনকৰিবলগীয়া যে সোমবাৰে মহানগৰীৰ পাঞ্জাবাৰীত দিনদুপৰতে দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ পুৰৱী ডায়েৰী বিতৰক এজনক নিজৰ বাহনৰ ভিতৰত গুলীয়াই হত্যা কৰিছিল৷কিন্ত ঘটনা সংঘটিত হোৱা তিনিদিনৰ পিছতো দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী ৷

যে, মহানগৰীত হোৱা ধাৰাবাহিক ডকাইটিৰ ঘটনাই আৰক্ষীৰ দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰাৰ অভিযোগ কৰিছে একাংশ মহানগৰবাসীয়ে। আনহাতে ঘটনা সংঘটিত হোৱাৰ ৫-৬ ঘন্টাৰ পাছতো আৰক্ষী ঘটনাস্থলিত উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে একাংশ লোকে ।

অৱশ্যে বৰ্তমান সময়ত আৰক্ষী লোক ঘটনাস্থলিত উপস্থিত হৈ ঘটনাৰ শোধ-পোছৰ কাৰণে ৪জন লোকক আতক কৰিছে ।

খবৰ অনুসৰি তেওঁলোকে উৰা মাৰিলে, যাৰ ফলত কৰ্মচাৰীসকলক ৰছীৰে বান্ধি থোৱা হ’ল । অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে ।

Exit mobile version