Indian olympic Association:ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি দৌৰত ড:হিমন্ত বিশ্ব শৰ্মা !

তালিকাত নাম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ

WhatsApp Image 2022 11 22 at 19.59.03 1

Indian olympic Association:
ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

১০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচন। এই নিৰ্বাচনত অসমৰ পৰা ভোটদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ভোটাৰ তালিকাত অন্তভূক্ত হৈছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷

উল্লেখ্য যে নিৰ্বাচনত ভোট দিব নোৱাৰিৱ কোনো ৰাজ্যিক অলিম্পিক সন্থাই ৷ ড: শৰ্মাৰ নাম ভোটাৰ তালিকাত অন্তভূক্ত কৰিছেে ভাৰতীয় বেডমিণ্টন সন্থাই৷ প্ৰাপ্ত খবৰ মতে , অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতি ৰূপে ড:শৰ্মাক সমৰ্থন কৰিছে দেশৰ বহু কেইটা বিভাগীয় ৰাষ্ট্ৰীয় ক্ৰীড়া সন্থাই ৷

সকলো ঠিকে থাকিলে ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতিক্ৰমে অলিম্পিক সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাটো নিশ্চিত ৷

Exit mobile version