Life Style : কেনেকৈ তৈয়াৰ কৰিব সৰিয়হ ফুলৰ পকৰা

WhatsApp Image 2022 11 23 at 17.50.12

Life Style :

ঠাণ্ডা দিন বুলি কলেই সন্ধিয়াৰ চাহ কাপৰ সৈতে পকৰা খাবলৈ কোনে বেয়া পায় ! তাতে যদি সৰিয়হ ফুলৰ পকৰা হয় ,তেন্তে ইয়াৰ মজাই বেলেগ হয় । পকৰা আমি বিভিন্ন শাক-পাচলি দি তৈয়াৰ কৰো ।

বহুতে হয়তো নেজানে , সৰিয়হৰ ফুলো যে খোৱা হয় । সৰিয়হ ফুলৰ পকৰাৰ সোৱাদ নোপোৱা সকলে এই অনুভৱ কেতিয়াও কৰিব নোৱাৰিব ।

এবাৰ যদি এই সোৱাদ আপোনাৰ মুখত লাগিছে , তেন্তে আপুনি ইয়াৰ সোৱাদ পাহৰিব নোৱাৰিব । সেইয়ে আজি আমি পঢ়ুৱৈ সকলক সৰিয়হ ফুলৰ পকৰা কেনেকৈ তৈয়াৰ কৰে , সেইবিষয়ে অৱগত কৰিম।

 উপকৰণ :–১/ পৰিমাণ অনুযায়ী সৰিয়হ ফুল ।

২/ দুচামুচ কুটি লোৱা পিয়াজ ।

৩/ সোৱাদ অনুযায়ী কুটি লোৱা কেঁচা জলকীয়া ।

৪/ আন্দাজমতে আদা আৰু নহৰু বটা ।

৫/ সামান্য হালধী গুড়ি ।

৬/ ধনীয়া গুড়ি সামান্য ।

৭/ স্বাদ অনুসৰি নিমখ ।

৮/ পৰিমাণ অনুসৰি চাউলৰ গুড়ি ।

৯/ আন্দাজমতে জিৰা গুড়ি ।

১০/ কেঁচা তেল আন্দাজমতে ।

পদ্ধতি :– প্ৰথমতে এখন চালনিত সৰিয়হ ফুলখিনি ধুই পানী যাবলৈ দিব লাগে । ইয়াৰপিছত সাজু কৰি ৰখা সকলো উপকৰণ ফুলখিনিৰ স’তে দি মঠি ল’ব লাগে । পুনৰ জুইত উঠাই থোৱা কেৰাহীখন গৰম হলেই তেল ঢালি ,তেলখিনি পকি উঠিলে , এখন চামুচেৰে এচামুচ এচামুচকৈ দি যাব লাগে ।

এনেকৈ কিছু সময় ভাজি অলপ ৰঙা বৰণ ললেই এটা বাচনত টিচ্যু পেপাৰ পাৰি থৈ যাব লাগে । টিচ্যু পেপাৰত তেলত ভজা যিকোনো খাদ্য ৰাখিলে , তাত লাগি ৰোৱা অতিৰিক্ত তেলখিনি টিচ্যু পেপাৰে শুহি লয় । এতিয়া আপুনি এখন প্লেটত পকৰাখিনি সতে অলপ চাটনি লৈ পৰিবেশন কৰক ।

Exit mobile version