Mass Layoff : চাহিদা হ্ৰাস পাইছে, এইবাৰ ছাটাই কৰিব আমেৰিকান সংস্থা এইচপি-য়ে

hp laptops 500x500 1

Mass Layoff :

এইবাৰ কর্মচাৰী ছাটাই কৰিব আন এক আমেৰিকান সংস্থাই । জনপ্রিয় কম্পিউটাৰ হার্ড‌ওৱেৰ নির্মাতা সংস্থা হিউলেট-পেকার্ড বা এইচপি-য়ে গণহাৰত কর্মচাৰী ছাটাইৰ সিদ্ধান্ত লৈছে ।

সংবাদসংস্থা সূত্রে দাবী, প্রায় ছহেজাৰ কর্মচাৰী ছাটাই কৰিব এইচপি-য়ে । ২০২৫ৰ ভিতৰত এই প্রক্রিয়া সম্পন্ন কৰা হ’ব পাৰে ।

কিয় ছাটাইৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ এই অন্যতম জনপ্রিয় কম্পিউটাৰ আৰু লেপটপ নির্মাতা সংস্থাই ? সূত্রৰ খবৰ, সাম্প্রতিক অতীতত বিশ্বৰ বজাৰত কম্পিউটাৰ বা লেপটপৰ চাহিদা কমিছে ।

ফলত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে এইচপিৰ দৰে সংস্থাই । সেয়ে কিছু কর্মচাৰী ছাটাই কৰি ব্যয় আবণ্টন হ্ৰাস কৰিব বিচাৰিছে কর্তৃপক্ষই ।

আমেৰিকাৰ এই সংস্থাত বর্তমান ৫০ হেজাৰ কর্মচাৰী আছে । ২০২৫ৰ ভিতৰত চাৰিৰ পৰা ছয় হেজাৰ কর্মচাৰী ছাটাই কৰাৰ সম্ভাৱনা । যি মুঠ কর্মচাৰী সংখ্যাৰ প্রায় ১২ শতাংশ ।

ব্যক্তিগত কম্পিউটাৰৰ বজাৰত মণ্ডাৰ লগতে আগন্তুক দিনতো লাভৰ আশা কৰা নাই এইচপি-য়ে । সংস্থাৰ তৰফৰ পৰা ধাৰণা কৰা হৈছে, লেপটপ বা কম্পিউটাৰৰ চাহিদা অদূৰ ভৱিষ্যতে বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই । ২০২২ত সংস্থাই যি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আগন্তুক বছৰতো একেই থাকিব ।

ফলত সংস্থাৰ বর্তমান লক্ষ্য হৈছে, আন্তঃগাথঁনিৰ মানোন্নয়ন আৰু নতুন উদ্যমত কাম আৰম্ভ কৰা । লগতে নতুনকৈ এশ কোটি ডলাৰ আবণ্টন কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যাৰ ভিতৰত ৬০ কোটি ডলাৰ বিনিয়োগ কৰা হ’ব ২০২৩ৰ ভিতৰতে । নতুন বিনিয়োগৰ মাজতে অন্যান্য ক্ষেত্রত আবণ্টন ব্যয় হ্ৰাস কৰা হ’ব ।

Exit mobile version