Bailley : মহানগৰীত জব্দ ব্ৰেইলী খোৱা পানীৰ নকল বটল

আটক এজনক

8309577d 148c 46ce a30e b4b3f77a7dde

Bailley :

উত্তৰ- পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত দিনক দিনে খোৱা পানীৰ সংকটে দেখা দিছে ৷কেতবোৰ অঞ্চলত পানীৰ নাটনি বাবে বহুতেই পানী ক্ৰয় কৰে পানীৰ টেংকাৰৰ পৰা৷আনহাতে উৎসৱ – পাৰ্বন আৰু দৈনন্দিন খোৱা পানী ৰূপে ব্যৱহাৰ কৰি আহিছে ব্ৰেইলী সহ বহু ব্ৰেণ্ডৰ পানীৰ বটল ৷ কিন্ত শেহতীয়াকৈ এই ব্ৰেণ্ড সমূহ নকল ৰূপত বিক্ৰী কৰিছে একাংশ ব্যৱসায়ীয়ে ৷

মহানগৰীত বাসকৰা নাগৰিক সকলে ব্ৰেইলী খোৱা পানীৰ বটল ক্ৰয় কৰিবলৈ যাওতে এবাৰ হ’লেও বটলটো পৰীক্ষা কৰিব ৷কিয়নো আপুনি সেৱন কৰিবৰ বাবে ক্ৰয় কৰা বটলটো প্ৰকৃতাৰ্থত ব্ৰেইলী নে৷ মহানগৰ আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই বহু ব্ৰেণ্ডৰ অবৈধভাৱে পানীৰ ব্যৱসায় কৰি অহা লোক এজনক নকল বটল সহ আটক কৰে ৷কাহিলীপাৰাৰ ভগদত্তপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰা ব্যৱসায়ীজনৰ নাম নয়নতন ডেকা ৷

আৰক্ষীয়ে লোকজনে ‘ব্ৰেইলী পেকেটযুক্ত খোৱা পানী’ৰ ডুপ্লিকেট ২০ লিটাৰ পানীৰ বটল কঢিয়াই অনা এএছ-০৭-বিচি-১৯৩৪ এখন বাহন জব্দ কৰে৷ জব্দকৃত বাহনখনৰ পৰা ১৫টা ডুপ্লিকেট বেইলীৰ লেবেল থকা ২০ লিটাৰ পানীৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ধৃত নয়নতন ডেকাই তেওঁৰ অবৈধ কাৰখানাৰ পৰা দৈনিক নিৰ্মাণ হোৱা বটলত পানী ভৰাই বেইলীৰ ডুপ্লিকেট লেবেল লগাই কেইবাখনো দোকানত বিক্ৰী কৰা বুলি আৰক্ষীৰ মাৰাথন জেৰাত স্বীকাৰ কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰু ৪২০ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰিছে ৷

আনহাতে আৰক্ষীয়ে নকল ব্ৰেইলীৰ ফেক্টৰী উৎখাত কৰাৰ পিছতে সষ্টম হৈ পৰে ব্ৰেইলি প্ৰস্তুতকাৰী কোম্পানী উদয়ক এগ্ৰো প্ৰডাক্টছ প্ৰাইভেট লিমিটেড৷ কোম্পানীটোৰ চিইঅ’ৰাজ শেখৰ আগৰৱালে এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে তেওঁলোকৰ ২০ লিটাৰ পেকেট যুক্ত পানীৰ বটলবোৰ সৰ্বোচ্ছ মানদণ্ডৰ স’তে নিৰ্মাণ কৰা ৷একেদৰে বটলবোৰৰ ডিঙিৰ কেপবোৰত হলোগ্ৰাম থাকে৷ সেয়েহে গ্ৰাহক সকলে ব্ৰেইলী ক্ৰয় কৰাৰ পূৰ্বে সুৰক্ষা মোহৰটো পৰীক্ষা কৰিহে ক্ৰয় কৰিব ৷

Exit mobile version