Financial Crisis : হ্ৰাস পাইছে চীনা বিনিয়োগ , নাই আইএমএফৰ সাহায্য ! দেউলিয়া হোৱাৰ পথত পাকিস্তান

1669221566 pakistan

Financial Crisis :

ছেপ্টেম্বৰত হোৱা প্ৰলয়ংকৰী বানপানীৰ ক্ষয়ক্ষতিৰ প্ৰভাৱ যেন এতিয়াও আছে । লগতে তীব্ৰ আৰ্থিক সংকটত পাকিস্তান । এই পৰিস্থিতিত, পাকিস্তানত বিদেশী বিনিয়োগৰ পৰিমাণো দ্ৰুতগতিত হ্ৰাস পাইছে।

বিশ্ব মুদ্ৰা নিধিৰ (আইএমএফ) তৰফৰ পৰা কোনো সহায়ৰ আশ্বাসও পোৱা নাই । ফলত ধন যোগানৰ সন্ধানত আগবাঢ়িছে পাকিস্তান ।

দুসপ্তাহ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে বিত্তীয় সংকটবিধ্বস্ত ইছলামাবাদৰ বাবে ৯০০ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৩ হেজাৰ ৬৬০ কোটি টকা) সাহায্য ঘোষণা কৰিছিল।

তেওঁ জনাইছিল যে বেইজিঙে পাকিস্তানক বিত্তীয় সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত সহায় কৰিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা কৰিব। কিন্তু এই সপ্তাহত পাকিস্তানৰ ষ্টেট বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ জুলাই ৰ পৰা অক্টোবৰৰ ভিতৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) ৭২ কোটি ৬০ লাখ ডলাৰৰ পৰা ৩৪ কোটি ৮০ লাখ ডলাৰলৈ হ্ৰাস পাইছে।

ষ্টেট বেংক অফ পাকিস্তানৰ তথ্য অনুসৰি, বিগত চাৰি মাহত চীনৰ পৰা বিনিয়োগ মাত্ৰ সাত কোটি ৪৮ লাখ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৬১১ কোটি ২৬ লাখ টকা) । প্ৰতিবেদন অনুসৰি, যোৱা দুবছৰত পাকিস্তানত চীনা বিনিয়োগ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে ।

পাকিস্তানী সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰিছে যে যদি তাৎক্ষণিকভাৱে বৃহৎ পৰিমাণৰ বিদেশী বিনিয়োগ অনা সম্ভৱ নহয়, তেন্তে পাকিস্তান শ্ৰীলংকাৰ দৰে দেউলিয়া দেশলৈ পৰিণত হ’ব।

অৱশ্যে, পাকিস্তানৰ পৰিকল্পনা মন্ত্ৰী আছান ইকবালে এনে সম্ভাৱনা অস্বীকাৰ কৰিছে। “দেউলিয়া হোৱাৰ কোনো ভয় নাই। যদিও কিছুমান বিত্তীয় সমস্যা আছে, সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলে দেশৰ বিত্তীয় সংকটৰ বিষয়ে মিছা কথা প্ৰচাৰ কৰি আছে। ”

Exit mobile version