jorhat:যোৰহাটৰ অভিযান্ত্ৰিক শিক্ষাৰ্থীক আক্ৰমণৰ

মূল অভিযুক্তক আৰক্ষীৰ দ্বাৰা কৰায়ত্ব

WhatsApp Image 2022 11 24 at 13.48.01

Jorhat:
অৱশেষত আৰক্ষী জালত পৰিল যোৰহাটৰ তিনি অভিযান্ত্ৰিক শিক্ষাৰ্থী আক্ৰমণ ঘটনাৰ মূল অভিযুক্ত৷ ধৃত ছাত্র আক্ৰমণকাৰীজনৰ নাম সিদ্ধাৰ্থ বৰা।  ঘৰ যোৰহাটৰ গোহাঁইটেকেলাত।

উল্লেখ্য যে মঙলবাৰে সন্ধিয়া যোৰহাটৰ সদাব্যস্ত ৰাজপথত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি শিক্ষাৰ্থীক ছুৰীৰে আক্ৰমণ কৰিছিল সিদ্ধাৰ্থই ।

এই ঘটনাত গুৰুত্বৰভাৱে আহত তিনি শিক্ষাৰ্থীক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় ৷

এই ঘটনাৰ পিছতে যোৰহাটৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷দোষীক কৰায়ত্ব কৰাৰ দাবীত যোৰহাট ছাত্ৰ সন্থা সহ বহু কেইটা সংগঠনে সোচ্ছাৰ হৈ পৰিছিল ৷ এই ঘটনাই যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Exit mobile version