Kamal Haasan : হঠাৎ চিকিৎসালয়ত কিয় অভিনেতা কমল হাছান !

Kamal Haasan Rushed To Hospital

Kamal Haasan :

কে’বাদিনো ধৰি অসুস্থ অনুভৱ কৰি আছিল কমল হাছানে । জ্বৰ অলপো নমা নাছিল । বুধবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাজনক।

চেন্নাইৰ শ্ৰী ৰামচন্দ্ৰ চিকিৎসালয়ত চিকিৎসা চলি আছিল অভিনেতাজনৰ । কমলৰ কে’বাটাও শাৰীৰিক পৰীক্ষা কৰা হৈছে । তথ্য অনুসৰি কমলক ইতিমধ্যে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।

সূত্ৰ অনুসৰি, কমলে বুধবাৰে তেলেগু পৰিচালক কে বিশ্বনাথক তেওঁৰ হায়দৰাবাদৰ বাসগৃহত সাক্ষাৎ কৰে। তাৰ কিছুসময়ৰ পাছতে অভিনেতাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰে এক চাঞ্চল্যৰ সৃষ্টি কৰে।

ইনষ্টাগ্ৰামত পৰিচালকজনৰ স’তে হোৱা সাক্ষাতৰ এখন ফটো পোষ্ট কৰি কমলে বুধবাৰে লিখিছিল, “মাষ্টাৰ কে বিশ্বনাথ চাৰক তেওঁৰ ঘৰত লগ কৰিলোঁ। কিমান স্মৃতি ৰোমন্থন ! তেঁওক শ্ৰদ্ধা জনাও। “

বয়স সম্পৰ্কীয় ৰোগৰ বাবে কিছুমান স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত অভিনেতাজন ঘৰলৈ উভতি আহিছে। সহায়কসকলে কয় যে চিন্তাৰ কোনো কাৰণ নাই।

যোৱা বছৰ মহামাৰীৰ সময়ত কমল গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। আমেৰিকা ভ্ৰমণৰ পৰা উভতি অহাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অভিনেতাজনে বাতৰিটো টুইট কৰে । বুধবাৰৰ ঘটনাটোৰ বিষয়ে তেওঁ নিজে একো নকোৱা দেখি অনুৰাগীসকলে ভাবে যে ৰোগটো নিশ্চিতভাৱে ইমান গুৰুতৰ নহয়।কমলে সদায় অনুৰাগীসকলক আগতীয়াকৈ অৱগত কৰে।

Exit mobile version