Ranjit Bora Murder Case:ৰঞ্জিৎ বৰাৰ হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী

হত্যাকাৰীৰ খবৰ দিওতাক দিব পুৰস্কাৰ,আৰক্ষীৰ ঘোষণা

WhatsApp Image 2022 11 24 at 13.45.27

Ranjit Bora Murder Case:
সমগ্ৰ ৰাজ্য কপাই যোৰা ৰনজিৎ বৰাৰ হত্যাকাৰীক চাৰিদিন উকলি যোৱাৰ পিছতো মহানগৰ আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰি শেহতীয়াকৈ লৈছে এক পদক্ষেপ ৷ হত্যাকাৰীৰ খবৰ দিওঁতাক দিব পুৰস্কাৰ ৷ ইতিমধ্যে এই সম্পৰ্কীয় ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে ৷

ৰঞ্জিৎ বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিয়া হ’ব দুই লাখ টকাৰ নগদ পুৰস্কাৰ। উল্লেখযোগ্য যে সোমবাৰে পাঞ্জাবাৰীত দিন দুপৰতে সংঘটিত হৈছিল হত্যাকাণ্ড ৷ পূৰবী ডেইৰীৰ বিতৰক ৰনজিৎ বৰাই নিজৰ বাহনেৰে কাহিলীপাৰা বাসগৃহৰ পৰা পাঞ্জাবাৰীস্থিত আইচিআইচিআই বেংকত ধন জমা কৰিবলৈ বেংকৰ সমীপত নিজৰ বাহন খন পাৰ্ক কৰিব লওতেই বাইকত অহা দুৰ্বৃত্তই গাড়ী ভিতৰতে গুলীয়াই থৈ টকা ভৰ্তি বেগটো লৈ পলায়ন কৰে ৷

বেগটোত আছিল আঢ়ৈ লাখ টকা ৷ মুৰত গুলী লাগি গাড়ীত ঢলি পৰা ৰনজিৎ বৰাক ততাতৈয়াকৈ জি এম চি এইচলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

ঘটনা সংঘটিত হোৱা পিছতে ঘটনাস্থলীত উপস্থিত হোৱা মহানগৰ আৰক্ষী আয়ুক্তই অপৰাধীৰ ক্লু পোৱা গৈছে বুলি সদম্ভে ঘোষণা কৰিছিল যদিও বৰ্তমান লৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে এইবাৰ হত্যাকাৰীক খবৰ দিওতালৈ পুৰস্কাৰ আগবঢ়োৱা সিদ্ধান্ত হয় আৰক্ষীয়ে।

স্মতৰ্ৱ্য যে সন্ধান দিওতাৰ নাম গোপনে ৰখাৰ প্ৰতিশ্ৰুতিও দিয়ে মহানগৰ আৰক্ষীয়ে। আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিবৰ বাবে মুকলি কৰে এটা হোৱাটচআপ এটা নম্বৰ । হোৱাটচ আপ নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।

Exit mobile version