Amazon Layoff : গণছাটাই নহয়, কর্মচাৰীসকলে স্ব‌ইচ্ছায় চাকৰি এৰিছে ! বিতর্কৰ মাজতে দাবী এমাজনৰ

jpg

Amazon Layoff :

গণছাটাইৰ বিতর্কৰ মাজতে উলোটা মন্তব্য এমাজনৰ । সূত্রৰ খবৰ, গণছাটাইৰ কথা স্বীকাৰ কৰিব বিচৰা নাই সংস্থাই । বৰঞ্চ তেওঁলোকৰ যুক্তি, কিছু কর্মচাৰীয়ে স্ব‌ইচ্ছায় চাকৰিৰ পৰা পদত্যাগ কৰিছে ।

ভাৰতত কর্মচাৰীসকলৰ ছাটাই প্রক্রিয়া সন্দৰ্ভত বিতর্কত সাঙুৰ খাই পৰিছিল এমাজন । কেন্দ্রীয় শ্রম মন্ত্রণালয়ৰ পৰা সংস্থাক জাননী প্ৰেৰণ কৰা হৈছিল । বুধবাৰে সংস্থাৰ তৰফৰ পৰা এগৰাকী প্রতিনিধিক এই বিষয়ত আলোচনাত উপস্থিত থাকিবলৈও কোৱা হৈছিল জাননীত ।

এমাজনৰ তৰফৰ পৰা সম্প্রতি ঘোষণা কৰা হৈছিল, ১০ হেজাৰ কর্মচাৰী ছাটাই কৰা হ’ব । তাৰ পাছত এমাজনৰ ভাৰতীয় শাখা কর্মচাৰীসকলক স্ব‌ইচ্ছায় পদত্যাগৰ বাবে অনুৰোধ জনাইছিল বুলি খবৰ । অৱশ্যে সেই প্রসংগত এমাজনৰ বক্তব্য, এতিয়াও গণছাটাই কৰা নাই । কর্মচাৰীসকলে স্ব‌ইচ্ছায় চাকৰিৰ পৰা পদত্যাগ দিছে ।

বিশ্বজুৰি এমাজনত প্রায় ১৬ লখ লোকে চাকৰি কৰে । সংস্থাৰ পৰা ১০ হেজাৰ কর্মচাৰী ছাটাই হ’লে সংস্থাৰ ইতিহাসত এয়া হ’ব সৰ্ববৃহৎ গণছাটাই । এমাজনৰ মুখপাত্র কেলি নেনটেলে জনাইছে, সংস্থাৰ বার্ষিক সন্মিলনত স্থিৰ হয় যে, পৰিৱর্তিত পৰিস্থিতিৰ স’তে যুঁজ দিবলৈ কিছু পদ উঠাই দিয়া হ’ব ।

স্বভাৱিকতেই এইবোৰ পদত যিসকল কর্মচাৰী আছিল, তেওঁলোকৰ চাকৰি যাব । তাৰ মাজতেই সংস্থাৰ ওপৰমহলৰ পৰা ফোন কৰি বা ই-মেইল পঠাই কর্মচাৰীসকলক অন্যত্র চাকৰিৰ সন্ধান কৰিবলৈ কোৱা হয় । তেওঁলোকক দুমাহৰ সময়ো বান্ধি দিয়া হয় বুলি অভিযোগ ।

ইয়াৰ মাজতে বুধবাৰে ‘এলেক্সা ভয়েচ এছিষ্টেন্ট’-ৰ দৰে যন্ত্রভিত্তিক বিভাগসমূহত কর্মৰত একাধিক কৰ্মচাৰীৰ ছাটাই কৰা হৈছে বুলি খবৰ । সূত্রৰ দাবী, প্ৰায় ১০ হেজাৰ কর্মচাৰী এমাজনৰ তৰফৰ পৰা ছাটাই কৰা হ’ব । সেই প্রস্তুতি আৰম্ভ হৈছে । অৱশ্যে গণছাটাইৰ কথা সংস্থাই প্ৰত্যক্ষভাৱে স্বীকাৰ কৰিব বিচৰা নাই বুলি দাবী সূত্র‌ৰ ।

Exit mobile version