Chandmari Police : চান্দমাৰী আৰক্ষীয়ে আটক কৰে চাঞ্চল্যকৰ চৰিফুল হত্যাকাণ্ডত জড়িত আন এজন 

নিজৰাপাৰৰ পৰা গ্ৰেপ্তাৰ আন এগৰাকী অভিযুক্ত

WhatsApp Image 2022 11 25 at 19.07.21

Chandmari Police :

মহানগৰীৰ চান্দমাৰীৰ চৰিফুল হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। পাঁচ মাহ পূৰ্বে নুনমাটিৰ এজন যুৱকক তেওঁৰেই সতীৰ্থ ই ডিঙি ৰেপি নৃশংস ভাবে হত্যা কৰি মৃতদেহটো চান্দমাৰী ৰ এটা নলাত পেলাই দিয়াৰ পিছত মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ঘটনা সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে তদন্ত পক্ৰিয়া অব্যাহত ৰাখি এই হত্যাকাণ্ডৰ মূল অভিযুক্ত জাহানুদ্দিন আলীক চাৰিদিন পূৰ্বে নুনমাটি আৰক্ষীৰ সহযোগত চান্দমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘটনাৰ আন এগৰাকী অভিযুক্তক কালি নিশা নিজৰাপাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জালত পৰা অভিযুক্ত জন হৈছে নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত নিজৰাপাৰৰ ৰহিম আলী (৩০)।

ইফালে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে চৰিফুল আলীৰ ভুক্ত ভোগী পৰিয়ালে টোৱে।স্মৰ্তব্য যে,মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ এটা নলাত যোৱা ২৮ মে’ত নুনমাটি ২ নং নিজৰাপাৰৰ চৰিফুল আলী নামৰ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ।

পিছত চৰিফুলৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চান্দমাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২/৩৪ ধাৰাৰ অধীনত ২৪৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল। পিছত চান্দমাৰী আৰক্ষীয়ে এই ঘটনাৰ মূল অভিযুক্ত জাহান উদ্দিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত আন এগৰাকী অভিযুক্ত ৰহিম আলীকো অবশেষত আৰক্ষীযে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এখন কাপোৰৰ দোকানৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল চৰিফুল।ঘটনাৰ দিনাখন তেওঁৰ ঘৰৰ ওচৰৰে জাহান উদ্দিন নামৰ বন্ধু জনৰ স’তে কিবা কথাক লৈ কাজিয়াৰ সূত্ৰ পাত হৈছিল। তাৰ পিছত জাহানুদ্দিন আলীযে চুৰি ৰে চৰিফুল ৰ ডিঙি ৰেপি হত্যা কৰি নলাত পেলাই দিয়ে ।

তেতিয়াৰে পৰা পলাতক অৱস্থাত থকা জাহান উদ্দিনক ৪ দিন পূৰ্বে আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছত আজি এই ঘটনাৰ লগত জড়িত আন গৰাকী অভিযুক্ত ৰহিম আলী ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version