Tulsi Tea : চৰ্দি-কাহৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়, চাহত মিহলি কৰক এই পাত

1669307444 new project 2022 11 24t215441 233

Tulsi Tea :

শীত মানেই হেজাৰ সমস্যা । কাৰণ, গৰমৰ পৰা ঠাণ্ডা পৰাৰ এই সময়ছোৱাচ বতাহত ধূলিকণাৰ পৰিমাণ বাঢ়ে, ফলত ৰোগ জীৱাণুৰ প্রকোপো বাঢ়ে । সেয়ে হঠাৎ ঠাণ্ডা লগা, এলার্জিজনিত চর্দি-কাহ, ডিঙি খুচখুচোৱাই জাঙুৰি ধৰে

ইপিনে অতিমাৰীৰ পাছত সামগ্রিকভাৱে ৰোগ প্রতিৰোধ ক্ষমতা কম বেছি পৰিমাণে সকলোৰে কমিছে । এনে পৰিস্থিতিত সৰুৰ পৰা বয়স্ক, সকলোৰে বাবে উপকাৰী হ’ব পাৰে তুলসী পাতেৰে প্ৰস্তুত এই বিশেষ চাহ । তুলসী পাতেৰে চাহ হয়তো অনেকেই বনায়, কিন্তু সেই পদ্ধতিত তুলসীৰ গুণ অটুট থাকেনে ?

তুলসীৰ গুণ অক্ষুণ্ণ ৰাখি চাহ প্ৰস্তুত কৰা কিন্তু কঠিন নহয় । হাততেই সকলো উপকৰণ মজুত থাকোতে, কেৱল বজাৰৰ পৰা ‘টি বেগ’ ক্ৰয় কৰিবলৈ কিয় যাব ? অৱশ্যে এই চাহ প্ৰস্তুত কৰিবলৈ মনত ৰাখিব লাগিব কিছু কৌশল । জানক কি সেই পদ্ধতি –

উপকৰণ

পানী : দুই কাপ

মৌ : দুই চামুচ

জাঁইফল : এক চিকুট

তুলসী পাত : আঠখিলা

দালচিনি গুৰি : এক চিকুট

নেমু : দুই টুকুৰা

প্রণালী

১) প্রথমে পাত্রত দুকাপ পানী উতলাই ল‌ওক ।

২) উতলা পানীখিনিত দালচিনি দি দিয়ক ।

৩) তাৰ পাছত এটা একাকৈ গোটেইখিনি মছলা দি কিছু সময় উতলাই ল‌ওক ।

৪) অৱশেষত দিয়ক তুলসী পাত । কিছু সময় ঢাকি থ’ব ।

৫) গেছ বন্ধ কৰি ছেকি ল‌ওক ।

৬) কাপত ঢালি তাৰ পাছত কাটি ৰখা নেমুৰ টুকুৰাবোৰ দি গৰম গৰম পৰিবেশন কৰক ।

Exit mobile version