App Locker : কোনেও চোৰ কৰিব নোৱাৰিব আপোনাৰ তথ্য, যদিহে ফোনত আপুনি এই কাম কৰে

Best App Lock For Android

App Locker :

আপোনাৰ মোবাইলৰ গোপন ডেটা লুকাই ৰাখিবলৈ এপৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে । নিজৰ ফোনতেই লুকাব পাৰিব প্রয়োজনীয় নথি । জানক কেনেদৰে ।

অধিকাংশ মোবাইল ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ডেটা সুৰক্ষিত বা লুকাবৰ বাবে গুগল প্লে ষ্টোৰৰ পৰা এপ্ ডাউনলোড কৰে । অনেকেই নাজানে, এই এপবোৰৰ অধিকাংশ‌ই নিৰাপদ নহয় । যাৰ বাবে আপোনাৰ আপোনাৰ স্মার্টফোনে ডেটাৰ নিৰাপত্তা দিব নোৱাৰে ।

গ্রাহকৰ এই সমস্যাৰ প্ৰতি লক্ষ্য কৰি আজিকালি স্মার্টফোনবোৰত দুর্দান্ত বৈশিষ্ট্য উপলব্ধ থাকে । যাতে আপোনাৰ নথি সুৰক্ষিত থাকে ।

সম্প্ৰতি একাধিক অত্যাধুনিক মোবাইলত এই বিশেষ বৈশিষ্ট্য দিয়া হৈছে । ইয়াৰ বাবে আপুনি প্রথমে ফোন ছেটিং এপটো খুলিব লাগিব । ছেটিংছ এপত প্রাইভেচি বিকল্পত যাব ।

ইয়াত আপুনি একাধিক বিকল্প পাব, ইয়াৰ ভিতৰত এটা বিকল্প থাকিব এপ্ লকল । তাত ক্লিক কৰক, এতিয়া মোবাইলত আপোনাৰ লক পেটার্ন দি পৰীক্ষা কৰিবলৈ ক’ব । ইয়াৰ বাবে আপুনি যি পেটার্ন ছেট কৰিছে তাৰে মোবাইল আনলক কৰক ।

আনলক কৰাৰ পাছত আপুনি এপ্ লক সক্ষম কৰাল বিকল্প পাব, যাতে আপুনি সেইটো সক্ষম কৰিব পাৰে । আপুনি সেইটো সক্রিয় কৰাৰ লগে লগে মোবাইলত থকা সকলো এপৰ তালিকা সন্মুখত দেখিবলৈ পাব ।

এতিয়া আপুনি যিটো এপ্ লক কৰিব বিচাৰে সেইটোত ক্লিক কৰি লক কৰিব পাৰিব ।

একেদৰে, আপুনি যেতিয়া লক এপ্ খুলিব বিচাৰিব তেতিয়া একেদৰে খুলিব পাৰিব । অৱশ্যে আপুনি এই বিষয়টোত লক্ষ্য ৰাখিব লাগিব । ফোন লক আৰু এপ্ লক উভয়ৰ পাছৱর্ড পৃথককৈ ৰাখিব লাগিব ।

যাতে আপুনি লুকোৱা এপ্‌টো সম্পূর্ণ নিৰাপদে থাকে । তদুপৰি, কোনোৱে আপোনাৰ মোবাইল আনলক কৰিলেও যাতে আপোনাৰ লুকোৱা এপ্লিকেছনবোৰ খুলিব নোৱাৰে ।

Exit mobile version